অসম

assam

ETV Bharat / bharat

চেন্নাইৰ এটা ভোট কেন্দ্ৰত ১৭ এপ্ৰিলত পুনৰ ভোটগ্ৰহণ - তামিলনাডুৰ ভেলাচেৰী সমষ্টি

তামিলনাডুৰ ভেলাচেৰী সমষ্টিৰ ৯২ নং ভোট কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । কেন্দ্ৰটোত ১৭ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ ।

চেন্নাইৰ এটা ভোট কেন্দ্ৰত ১৭ এপ্ৰিলত পুনৰ ভোটগ্ৰহণ
চেন্নাইৰ এটা ভোট কেন্দ্ৰত ১৭ এপ্ৰিলত পুনৰ ভোটগ্ৰহণ

By

Published : Apr 14, 2021, 10:57 PM IST

নেশ্যনেল ডেস্ক,১৪ এপ্ৰিল:তীব্ৰ বিতৰ্কৰ অন্তত অৱশেষত পুনৰ নিৰ্বাচন অনুষ্ঠিত হ'ব তামিলনাডুৰ এটা ভোট কেন্দ্ৰত । নিৰ্বাচন আয়োগে ঘোষণা কৰা মতে ভেলাচেৰী সমষ্টিৰ ৯২ নং ভোট কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । উক্ত কেন্দ্ৰটোত ১৭ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে ।

উল্লেখ্য যে, ৬ এপ্ৰিলত তিনিজন লোকক দুচকীয়া বাহনত দুটা ই ভি এম আৰু এটা ভিভিপিএটি মেচিন কঢ়িয়াই লৈ যোৱা অৱস্থাত ৰাইজে ধৰা পেলাইছিল । তদন্তত যন্ত্ৰবোৰ চেন্নাইৰ ভেলাচেৰী সমষ্টিৰ ৯২ নং ভোট কেন্দ্ৰৰ আৰু মেচিন কেইটা কঢ়িয়াই নিয়া তিনিও গৰাকী লোক নিৰ্বাচনৰ দায়িত্বত থকা চেন্নাই কৰ্প'ৰেচনৰ কৰ্মচাৰী আছিল বুলি জানিব পৰা গৈছিল ৷

ইয়াৰ পাছতে সমষ্টিটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে ৰাজনৈতিক নেতাসকলে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছিল ।

লগতে পঢ়ক:হায়দৰাবাদৰ ভিন্ন অঞ্চলত প্ৰবল বৃষ্টিপাত

ABOUT THE AUTHOR

...view details