নিউজ ডেস্ক, 27 ডিচেম্বৰ :বিহাৰৰ ৰাজনীতিত দেখিবলৈ পোৱা উত্থানৰ পিচতেই দেওবাৰে পুনৰ এক নতুন মুখ লাভ কৰে বিহাৰে ৷ বিহাৰৰ ৰাজনীতিত শক্তিশালী তথা সক্ৰিয় জনতা দল ইউনাইটেডৰ নতুন অধ্যক্ষ নিযুক্ত হয় জ্যেষ্ঠ নেতা আৰ চি পি সিংহ ৷
পাটনাত অনুষ্ঠিত হোৱা দলীয় কাৰ্যনিৰ্বাহকৰ সভাত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে অধ্যক্ষ পদৰ বাবে সিংহৰ নাম প্ৰস্তাৱ কৰে ৷ সভাত সৰ্বসন্মতিৰূপে সিংহৰ নাম অধ্যক্ষ হিচাপে গৃহীত হোৱাৰ পিচতেই দলটোৰ নতুন অধ্যক্ষ হিচাপে নিযুক্ত হয় আৰ চি পি সিংহ ৷
জেডিইউৰ নতুন অধ্যক্ষক লৈ পূৰ্বেও ইটিভি ভাৰতত বাতৰি সম্প্ৰচাৰ হৈছিল আৰু আৰ চি পি সিংহই দলটোক নেতৃত্ব দিব পৰাকৈ সক্ষম বুলি কোৱা হৈছিল ৷ আজিৰ সভাৰ অন্তত ইটিভি ভাৰতৰ পূৰ্বানুমান সঁচা বুলি পৰিনত হয় ৷
দলৰ নতুন অধ্যক্ষ হিচাপে আৰ চি পি সিংহক লৈ দলীয় কৰ্মীসকলৰ মাজত যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছে ৷ সিংহৰ নাম ৰাষ্ট্ৰীয় অধ্যক্ষৰূপে ঘোষণা হোৱাৰ পিচতেই দলীয় কাৰ্যালয়ৰ বাহিৰত দলীয় সমৰ্থক তথা কৰ্মীসকলে আনন্দ-উৎসৱ পালন কৰা পৰিলক্ষিত হয় ৷
লগতে পঢ়ক :অৰুণাচলত 6 গৰাকী JD(U) বিধায়কৰ বিজেপিত যোগদান