অসম

assam

ETV Bharat / bharat

কেন্দ্ৰলৈ 99,122 কোটি টকাৰ ধনৰাশি স্থানান্তৰৰ অনুমোদন ৰিজাৰ্ভ বেঙ্কৰ

বিগত বিত্তীয় বৰ্ষৰ ন মাহৰ ৰাহিহোৱা ধনৰাশি কেন্দ্ৰীয় চৰকাৰলৈ স্থানান্তৰৰ অনুমোদন কৰিলে ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে ৷ সৰ্বমুঠ 99,122 কোটি টকাৰ ধনৰাশি অনুমোদন কৰিলে ৰিজাৰ্ভ বেঙ্কে ৷

rbi-to-transfer-nearly-rs-1-lakh-crore-to-centre-why-is-the-dividend-going-up
কেন্দ্ৰলৈ 99,122 কোটি টকাৰ ধনৰাশি স্থানান্তৰৰ অনুমোদন ৰিজাৰ্ভ বেঙ্কৰ

By

Published : May 22, 2021, 7:16 PM IST

নেছনেল ডেস্ক,22 মে’ : ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে (আৰবিআই) বিগত বিত্তীয় বৰ্ষৰ ন মাহৰ ৰাহিহোৱা ধনৰাশি সৰ্বমুঠ 99,122 কোটি টকা স্থানান্তৰৰ অনুমোদন জনাইছে ।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসৰ অধ্যক্ষতাত শুকুৰবাৰে অনুষ্ঠিত হোৱা কেন্দ্ৰীয় পৰিচালক মণ্ডলীৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ বৈঠকৰ পিছত বেংকে জাৰি কৰা বিবৃতি অনুসৰি, ব'ৰ্ডে বৰ্তমানৰ দেশৰ লগতে গোলকীয় অৰ্থনৈতিক পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছত এই সিদ্ধান্তত উপনীত হৈছে ৷

যি সময়ত কেন্দ্ৰীয় চৰকাৰৰ উপাৰ্জন বৰ্তমান চলি থকা ক’ভিড পৰিস্থিতি আৰু লকডাউনৰ বাবে সৃষ্টি হোৱা অৰ্থনৈতিক বাধাৰ বাবে ব্যাপকভাৱে প্ৰভাৱান্বিত হৈছে সেই সময়ত এই ধনৰাশি কেন্দ্ৰৰ বাবে এক ডাঙৰ বিত্তীয় সকাহ হিচাপে বিবেচিত হ’ব ।

যিহেতু আৰবিআই সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰৰ মালিকানাধীন, ভাৰতীয় ৰিজাৰ্ভ বেঙ্ক 1934 আইন অনুসৰি বেঙ্কে অতিৰিক্ত লাভ বা লভ্যাংশ কেন্দ্ৰলৈ স্থানান্তৰ কৰাৰ নিৰ্দেশ আছে ।

সেই অনুসৰি, এক প্ৰদত্ত বিত্তীয় বৰ্ষৰ একাউণ্টসমূহৰ পৰ্যালোচনা কৰাৰ পিছত, আৰবিআইয়ে লভ্যাংশ ঘোষণা কৰে ।

মূলত লভ্যাংশৰ পৰিমাণ দুটা উপাদানৰ ওপৰত নিৰ্ভৰ কৰে ইয়াত বেঙ্কে এটা নিৰ্দিষ্ট বছৰত কিমান ধনৰাশি উপাৰ্জন কৰিছে তাৰ লগতে বেঙ্কৰ আকস্মিক সংৰক্ষণৰ পৰিমাণ বজাই ৰখাৰ বিষয়টোও জড়িত হৈ থাকে।

কেন্দ্ৰৰ অধিক লভ্যাংশ বিচাৰি আৰবিআইৰ ওপৰত চাহিদা বৃদ্ধি হোৱাৰ লগে লগে, বেঙ্কৰ জৰুৰীকালীন জমাৰাশিৰ পৰিমাণ নিৰ্ধাৰণ কৰিবলৈ বেঙ্কে সময়ে সময়ে বিশেষজ্ঞ সমিতি নিয়োগ কৰি আহিছে।

বিগত দুটা দশকৰ ভিতৰত ভি সুব্ৰহ্মণ্যম (1997), ঊষা থোৰাট (2004), ৱাই এইচ মালেগাম (2014) আৰু বিমল জালান (2018)ৰ দৰে বিশেষজ্ঞৰ নেতৃত্বত এনেধৰণৰ চাৰিখন সমিতি গঠন কৰা হৈছিল।

ইয়াৰে, সুব্ৰহ্মণ্যম সমিতিয়ে 12 শতাংশ ধনৰাশি আকস্মিক সংৰক্ষণৰ বাবে ধাৰ্য কৰাৰ পৰামৰ্শ দিছিল, থোৰাট সমিতিয়ে আকৌ পৰামৰ্শ দিছিল যে ইয়াতকৈ অধিক অৰ্থাৎ কেন্দ্ৰীয় বেংকৰ মুঠ সম্পত্তিৰ 18 শতাংশ তত্বাৱধানত ৰাখিব লাগে।

অৱশ্যে, আৰবিআই বোৰ্ডে থোৰাতে সমিতিৰ পৰামৰ্শ গ্ৰহণ নকৰি সুব্ৰহ্মণ্যম সমিতিৰ পৰামৰ্শ অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছিল ।

আনহাতে, মালেগাম সমিতিয়ে কৈছিল যে আৰবিআইয়ে ইয়াৰ লাভৰ পৰ্যাপ্ত পৰিমাণ বছৰি আকস্মিক সঞ্চয়লৈ স্থানান্তৰ কৰিব লাগে কিন্তু এই সমিতিয়ে কোনো নিৰ্দিষ্ট সংখ্যা নিৰ্ধাৰণ কৰা নাছিল।

ইফালে ,সবাতোকৈ শেহতীয়া বিমল জালান সমিতিয়ে আৰবিআইৰ বেলেন্স শ্বীটৰ 5.5-6.5 শতাংশ পৰিসৰত এটা সৰু আকস্মিক সংৰক্ষণ ৰাশিৰ পক্ষে মতামত প্ৰদান কৰে যাৰ ফলত কেন্দ্ৰলৈ বৃহৎ ধনৰাশি স্থানান্তৰ সম্ভৱপৰ হৈছে ।

আৰবিআইৰ তথ্যই দেখুৱাইছে যে, যিহেতু আৰবিআইয়ে বিভিন্ন সমিতিৰ পৰামৰ্শৰ ওপৰত আধাৰিত কৰি কেন্দ্ৰলৈ অধিক পৰিমাণ ধনৰাশি স্থানান্তৰ কৰি আছে, দুটা দশকৰ আগতে অৰ্থাৎ, ২০০১-০২ চনৰ ১০,০০০ কোটি টকাৰ পৰা বিগত বৰ্ষৰ প্ৰায় ১ লাখ কোটি টকা পৰ্যন্ত বৃদ্ধি পাইছে ।

উদাহৰণ স্বৰূপে, মালেগাম সমিতিৰ পৰামৰ্শৰ পিছত, ৰিজাৰ্ভ বেংকে 2013-14 বৰ্ষৰ বাবে 52,679 কোটি টকাৰ লভ্যাংশ স্থানান্তৰ কৰিবলৈ অনুমোদন জনাইছিল যি আছিল তাৰ আগৰ বিত্তীয় বৰ্ষতকৈ 60 শতাংশ অধিক ।

একেদৰে, 2018-19 বৰ্ষৰ বাবে বেঙ্কে জালান সমিতিৰ পৰামৰ্শ গ্ৰহণ কৰি স্থানান্তৰ কৰা ধনৰাশিৰ পৰিমাণ 1,75,987 কোটি টকা ধাৰ্য কৰিছিল যাৰ ভিতৰত আছে, বছৰটোৰ বাবে 1,23,350 কোটি টকা অতিৰিক্ত ধনৰাশি আৰু সমিতিৰ পৰামৰ্শ অনুসৰি বিবেচনা কৰা অতিৰিক্ত এককালীন 52,637 কোটি টকা। কোনো এটা বিত্তীয় বৰ্ষত আৰবিআইৰ দ্বাৰা স্থানান্তৰ কৰা ধনৰাশিৰ বৰ্তমানলৈ এইয়াই আছিল সৰ্বাধিক স্থানান্তৰ ।

ইফালে, সৰ্বমুঠ 99,122 কোটি টকাৰ শেহতীয়া স্থানান্তৰ হৈছে কেন্দ্ৰীয় বেঙ্কৰ দ্বাৰা এতিয়ালৈকে দ্বিতীয় সৰ্বাধিক বাৰ্ষিক স্থানান্তৰিত ধনৰাশি ।

উল্লেখযোগ্য যে, ভাৰতীয় ৰিজাৰ্ভ বেঙ্ক (আৰবিআই) আইন, 1934-ৰ বিধানৰ দ্বাৰা ব্ৰিটিছ শাসনকালত 1 এপ্ৰিল, 1935 তাৰিখে আৰবিআইৰ প্ৰতিষ্ঠা কৰা হৈছিল।

যদিও মূলতঃ ব্যক্তিগত মালিকানাধীন বেংকটো 1949 চনত ৰাষ্ট্ৰীয়কৰণ কৰাৰ পিছত, ৰিজাৰ্ভ বেঙ্ক হৈ পৰিল সম্পূৰ্ণৰূপে ভাৰত চৰকাৰৰ মালিকানাধীন।

সেই অনুসৰি,পৰৱৰ্তী সময়ত আৰবিআই আইন 1934 য়ে বেঙ্কে অতিৰিক্ত লাভ কেন্দ্ৰলৈ স্থানান্তৰ কৰাৰ ক্ষেত্ৰত বাধ্যতামূলক স্থিতি গ্ৰহণ কৰে।

"বেয়া আৰু সন্দেহজনক ঋণ, সম্পত্তিৰ মূল্যহ্ৰাস, কৰ্মচাৰীলৈ অৱদান আৰু অৱসৰৰ পুঁজিৰ ব্যৱস্থা কৰাৰ পিছত সাধাৰণতে বেংকাৰসকলে লাভৰ বাকী খিনি কেন্দ্ৰীয় চৰকাৰক পৰিশোধ কৰিব " একেখন আইনখনৰ ধাৰা 47 ত এইদৰে উল্লেখ কৰা হৈছে ৷

লক্ষণীয়ভাৱে, একেখন আইনৰ ধাৰা 48 অনুসৰি ৰিজাৰ্ভ বেঙ্কে ইয়াৰ যিকোনো উপাৰ্জন, লাভ বা লভ্যাংশৰ ওপৰত আয়কৰ বা চুপাৰ কৰ পৰিশোধ কৰিবলৈ দায়বদ্ধ নহয়।

লগতে পঢ়ক :অসমলৈ গৌৰৱ কঢ়িয়ালে ড৹ জুবিলী পুৰকায়স্থই

ABOUT THE AUTHOR

...view details