নেশ্যনেল ডেস্ক, ৫ মে':ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গুৰুত্বপূৰ্ণ ঘোষণা । কৰ'ণা মহামাৰীয়ে দেশৰ অৰ্থনীতিত প্ৰভাৱ পেলোৱাৰ বাবে ৰিজাৰ্ভ বেংকে জি-ছেক অধিগ্ৰহণ কাৰ্যসূচীৰ (জি-এছএপি 1.0) অধীনত ৩৫,০০০ কোটি টকাৰ চৰকাৰী চিকিউৰিটিৰ দ্বিতীয় ক্ৰয় ২০ মে'ত কৰা হ'ব ।
বিগত মাহত ২৫,০০০ কোটি টকাৰ প্ৰথম ক্ৰয়টোৱে বজাৰৰ পৰা উৎকৃষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল । ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (আৰবিআই) গৱৰ্ণৰ শক্তিকান্ত দাসে মহামাৰীৰ দ্বিতীয় ঢৌৰ দ্বাৰা ক্ষতিগ্ৰস্ত অৰ্থনীতিৰ বিভিন্ন অংশক সকাহ দিয়াৰ বাবে কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে এই গুৰুত্বপূৰ্ণ ঘোষণাও কৰে । গৱৰ্ণৰ শক্তিকান্ত দাসে জনোৱা মতে ভাৰতীয় ৰিজাৰ্ভ বেংকে দুসপ্তাহৰ ভিতৰত ৩৫,০০০ কোটি টকাৰ চৰকাৰী চিকিউৰিটি (জি-ছেকেণ্ড) দ্বিতীয়বাৰ ক্ৰয় কৰিব ।