নিউজ ডেস্ক, ৮ জুন :ৰিজাৰ্ভ বেংকে (Reserve Bank India) বৃহস্পতিবাৰে চলিত বিত্তীয় বৰ্ষৰ বাবে জিডিপি বৃদ্ধিৰ প্ৰক্ষেপণ ৬.৫ শতাংশতে স্থিৰ ৰাখিছে (RBI retains FY24 GDP growth forecast) । সহায়ক ঘৰুৱা চাহিদাৰ সাম্প্ৰতিক স্থিতিৰ বাবে এই পূৰ্বানুমান বুলি কোৱা হৈছে । এপ্ৰিল মাহত কেন্দ্ৰীয় বেঙ্কটোৱে ২০২৩-২৪ বৰ্ষৰ জিডিপি বৃদ্ধিৰ বাবে যি পূৰ্বানুমান কৰিছিল তাতকৈ সামান্য বৃদ্ধি কৰি ৬.৫ শতাংশলৈ বৃদ্ধি কৰিছে । পূৰ্বতে ইয়াৰ পূৰ্বানুমান আছিল ৬.৪ শতাংশ (GDP growth projection) ।
ঘৰুৱা চাহিদাৰ স্থিতি (Domestic demand condition) বিকাশৰ সহায়ক হৈ আছে আৰু লগতে গ্ৰামাঞ্চলত চাহিদা পুনৰুজ্জীৱিত হোৱাৰ পথত আছে । ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে (RBI Governor Shaktikanta Das) ২০২৩-২৪ বৰ্ষৰ বাবে দ্বিতীয় দ্বি-মাহিলি নীতি ঘোষণা কৰাৰ সময়ত এনেদৰে কয় । উল্লেখ্য, ২০২২-২৩ বৰ্ষৰ চতুৰ্থ তিনিমাহত ভাৰতৰ অৰ্থনীতি ৬.১ শতাংশ বৃদ্ধি পাইছে । যাৰ ফলত বাৰ্ষিক বিকাশৰ হাৰ ৭.২ শতাংশলৈ বৃদ্ধি হৈছে, যিটো পূৰ্বতে আশা কৰা অনুযায়ী ৭ শতাংশ আছিল ।
দাসে কয় যে ২০২২-২৩ বৰ্ষত ৰবি শস্যৰ অধিক উৎপাদন, প্ৰত্যাশিত স্বাভাৱিক বাৰিষা আৰু সেৱাসমূহত নিৰন্তৰ উচ্ছলতাই ব্যক্তিগত ব্যৱহাৰ আৰু চলিত বৰ্ষত সামগ্ৰিক অৰ্থনৈতিক কাৰ্যকলাপত সহায় কৰিব লাগে । মূলধন ব্যয়, সামগ্ৰীৰ মূল্য হ্ৰাস আৰু ঋণ বৃদ্ধিৰ ওপৰত চৰকাৰৰ গুৰুত্বই বিনিয়োগমূলক কাৰ্যকলাপ কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে । মুদ্ৰা নীতি বিবৃতি, ২০২৩-২৪-ত এই কথা কোৱা হৈছে ।