নেশ্যনেল ডেস্ক, ১৮ আগষ্ট: দেশৰ সৰ্ববৃহৎ ব্যক্তিগত বিত্তীয় খণ্ডৰ ঋণদাতা এইচ ডি এফ চি বেংক(HDFC Bank)ক পুনৰ নতুন ক্ৰেডিট কাৰ্ড বিক্ৰী কৰাৰ অনুমতি প্ৰদান কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে(Reserve Bank of India) । আঠ মাহ পূৰ্বে ভাৰতীয় ৰিজাৰ্ভ বেংকে এইচ ডি এফ চি বেংকক নতুন ক্ৰেডিট কাৰ্ড বিক্ৰী কৰাত বাধা আৰোপ কৰিছিল ।
মঙলবাৰে বেংকৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, ভাৰতীয় ৰিজাৰ্ভ বেংকে বৰ্তমান এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে । অৱশ্যে, নতুন প্ৰযুক্তিগত পদক্ষেপ আৰম্ভ কৰাৰ ক্ষেত্ৰত পূৰ্বৰ দৰেই নিষেধাজ্ঞা বাহাল আছে । বাৰে বাৰে প্ৰযুক্তিগত সমস্যা সৃষ্টি হোৱাৰ ঘটনা পোহৰলৈ অহাৰ পিছত বিগত বৰ্ষৰ ডিচেম্বৰ মাহত ভাৰতীয় ৰিজাৰ্ভ বেংকে ঋণদাতা বেংকটোক নতুন ক্ৰেডিট কাৰ্ড বিক্ৰী কৰা আৰু নতুন প্ৰযুক্তিগত পদক্ষেপ আৰম্ভ কৰাত নিষেধাজ্ঞা জাৰি কৰিছিল ।
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিষেধাজ্ঞাই এইচ ডি এফ চি বেংকক প্ৰভাৱিত কৰিলেও প্ৰতিদ্বন্দ্বী আই চি আই চি আই বেংক আৰু ভাৰতীয় ষ্টেট বেংকে নতুন ক্ৰেডিট কাৰ্ড বিক্ৰীৰ ক্ষেত্ৰত এইচ ডি এফ চি বেংকৰ সৈতে ব্যৱধান হ্ৰাস কৰাৰ সুযোগ লাভ কৰে । বেংকৰ সূত্ৰটোৱে জনোৱা মতে, মঙলবাৰে ক্ৰেডিট কাৰ্ডৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা সন্দৰ্ভত এইচ ডি এফ চি বেংকে এক নিৰ্দেশনা লাভ কৰিছে ।
আনহাতে, বৰ্তমান বেংকটোৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীসকল নিষেধাজ্ঞাৰ দ্বাৰা প্ৰভাৱিত হোৱা নাই । জুন মাহ পৰ্যন্ত এইচ ডি এফ চি বেংকৰ ক্ৰেডিড কাৰ্ডৰ গ্ৰাহক আছিল ১.৪৮ কোটি । যোৱা ১৭ জুলাইত, বেংকটোৰ মুখ্য কাৰ্যবাহী আৰু পৰিচালন সঞ্চালক শশীধৰ জগদীশনে কয় যে, এই ক্ষেত্ৰত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৮৫ শতাংশ প্ৰয়োজনীয়তা পূৰণ কৰিছে ।