নিউজ ডেস্ক, ৮ জুন :ভাৰতীয় ৰিজাৰ্ভ বেংকে বৃহস্পতিবাৰে চলিত বিত্তীয় বৰ্ষৰ বাবে ইয়াৰ মুদ্ৰাস্ফীতিৰ পূৰ্বানুমান সামান্য হ্ৰাস কৰিছে (RBI marginally lowers FY24 inflation projection) । এতিয়া নতুন পূৰ্বানুমান হৈছে ৫.১ শতাংশ । এই সন্দৰ্ভত আৰবিআইৰ গৱৰ্ণৰ শক্তিকান্ত দাসে (RBI Governor Shaktikanta Das) কয় যে কেন্দ্ৰীয় বেংকটোৰ মুদ্ৰা নীতিৰ পদক্ষেপে আকাংক্ষিত ফলাফল প্ৰদান কৰিছে । উল্লেখ্য, এপ্ৰিলত মাহত ৰিজাৰ্ভ বেঙ্কে ২০২৩-২৪ বিত্তীয় বৰ্ষত উপভোক্তা মূল্য সূচক (consumer price index, CPI) ভিত্তিক খুচুৰা মুদ্ৰাস্ফীতি ৫.২ শতাংশ হ'ব বুলি অনুমান কৰিছিল (RBI Inflation Projection FY24) ।
চিপিআই মুদ্ৰাস্ফীতি (CPI inflation) ফেব্ৰুৱাৰীত ৬.৪ শতাংশৰ পৰা এপ্ৰিল, ২০২৩-ত তীব্ৰভাৱে ৪.৭ শতাংশলৈ হ্ৰাস পাইছিল । "ভাৰতত মাৰ্চ-এপ্ৰিল, ২০২৩-ত উপভোক্তা মূল্যৰ মুদ্ৰাস্ফীতি হ্ৰাস পাইছিল আৰু সহনশীলতা বেণ্ডলৈ (২-৬ শতাংশ) স্থানান্তৰিত হৈছিল, যিটো ২০২২-২৩ বৰ্ষত ৬.৭ শতাংশৰ পৰা হ্ৰাস পাইছিল ।"
"অৱশ্যে শেহতীয়া তথ্য অনুসৰি, হেডলাইন মুদ্ৰাস্ফীতি (Headline inflation) এতিয়াও লক্ষ্যতকৈ অধিক আৰু ২০২৩-২৪ বৰ্ষৰ বাবে আমাৰ অনুমান অনুসৰি এনেদৰেই থাকিব বুলি আশা কৰা হৈছে ।" ২০২৩-২৪ বৰ্ষৰ দ্বিতীয় দ্বি-মাহিলী মুদ্ৰা নীতি ঘোষণা কৰাৰ সময়ত শক্তিকান্ত দাসে কয় । সেয়েহে বিকশিত মুদ্ৰাস্ফীতিৰ দৃষ্টিভংগীৰ ওপৰত নিবিড় আৰু নিৰন্তৰ সতৰ্কতা অতি প্ৰয়োজনীয় বুলিও তেওঁ কয় ।