নেশ্যনেল ডেস্ক, ১৫ মাৰ্চ :নিয়ন্ত্ৰকৰ নীতি পালন নকৰাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে দেশৰ বিভিন্ন ৰাজ্যৰ আঠটাকৈ সমবায় বেংকৰ ওপৰত ১২.৭৫ লাখ টকাৰ জৰিমনা আৰোপ কৰিছে (RBI has imposed penalty on 8 cooperative banks) । কেন্দ্ৰীয় বেংকে উল্লেখ কৰা মতে, এক্সপ’জাৰ নিয়ম আৰু অন্যান্য প্ৰতিবন্ধকতা ইউচিবিৰ অধীনত জাৰি কৰা নিৰ্দেশনা পালন নকৰাৰ বাবে পশ্চিমবংগৰ নবপল্লী সমবায় বেংক লিমিটেডৰ (Nabapalli Co-operative Bank Limited) ওপৰত ৪ লাখ টকাৰ জৰিমনা আৰোপ কৰা হৈছে ।
বেংকিং নিয়ন্ত্ৰণ আইন ১৯৪৯ ৰ কিছুমান ধাৰা উলংঘা কৰাৰ বাবে হিমাচল প্ৰদেশৰ চোলানস্থিত বাঘাত আৰ্বান কো-অপাৰেটিভ বেংক লিমিটেডৰ (Baghat Urban Co-operative Bank Limited) ওপৰতো ৩ লাখ টকাৰ জৰিমনা আৰোপ কৰা হৈছে ।
মণিপুৰ মহিলা সমবায় বেংক লিমিটেডৰ (Manipur Women's Cooperative Bank Limited) ওপৰত এক্সপ’জাৰ নিয়ম আৰু অন্যান্য প্ৰতিবন্ধকতা ইউচিবিৰ অধীনত জাৰি কৰা নিৰ্দেশনা উলংঘনৰ বাবে ২ লাখ টকাৰ জৰিমনা আৰোপ কৰা হৈছে । ভাৰতীয় ৰিজাৰ্ভ বেংকে সদৰী কৰা অনুসৰি, নিয়ম উলংঘনৰ অভিযোগত উত্তৰ প্ৰদেশৰ নাগিনাৰ ইউনাইটেড ইণ্ডিয়া কো-অপাৰেটিভ বেংক লিমিটেডৰ (United India Co-operative Bank Limited) ওপৰতো ১ লাখ টকাৰ আৰ্থিক জৰিমনা আৰোপ কৰা হৈছে ।