নেশ্যনেল ডেস্ক,১২ ডিচেম্বৰ :ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে দেওবাৰে বেছি ৰিটাৰ্ণৰ আশাত থকা জমাকৰ্তাসকলক সকীয়াই দিয়ে (RBI Governor warned depositors to be careful)। তেওঁৰ মতে বেছি ৰিটাৰ্ণৰ পিছত দৌৰাসকল সাৱধান হোৱা উচিত কাৰণ ই অধিক বিপদসংকুল । তেওঁ উল্লেখ কৰা মতে একাংশ প্ৰতিষ্ঠানে উচ্চ হাৰত ইঞ্চুৰেঞ্চ পৰিশোধ কৰিছে । কিন্তু বেছি ৰিটাৰ্ণ বেছি সূতৰ হাৰৰ ক্ষেত্ৰতো বিপদ আহিব পাৰে ।
দিল্লীত অনুষ্ঠিত 'Depositors First: Guaranteed Time-bound Deposit Insurance Payment up to Rs 5 lakh' শীৰ্ষক কাৰ্যসূচীত এই মন্তব্য ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰগৰাকীৰ । শেহতীয়াকৈ বেংকিং ব্যৱস্থাত গ্ৰহণ কৰা দুটা গুৰুত্বপূৰ্ণ পদক্ষেপৰ সন্দৰ্ভত মন্তব্য আগবঢ়ায় । তেওঁ উল্লেখ কৰা মতে প্ৰায় ২৭ বছৰৰ পাছত জমাকৰ্তাসকলৰ বাবে সীমা ১ লাখ টকাৰ পৰা ৫ লাখ টকালৈ বৃদ্ধি কৰা হৈছে । ১৯৯৩ চনত জমাকৰ্তাৰ সীমা ১ লাখ নিৰ্ধাৰণ কৰা হৈছিল ।