অসম

assam

ETV Bharat / bharat

Farooq Abdullah Controversy : ফাৰুক আব্দুল্লাৰ পুত্তলিকা দাহ বজৰং দলৰ - National Security Guard

সেনাৰ বিৰুদ্ধে কৰা এক অভিযোগমূলক মন্তব্যৰ বাবে জম্মু-কাশ্মীৰ নেচনেল কনফাৰেন্সৰ সভাপতি ড৹ ফাৰুক আব্দুল্লাৰ বিৰুদ্ধে প্ৰতিবাদ ৰাষ্ট্ৰীয় বজৰং দলৰ (Farooq Abdullah alleged comments against army)৷ উক্ত প্ৰতিবাদৰ অংশ হিচাবে আৰবিডিৰ কৰ্মীসকলে মঙলবাৰে জম্মুৰ এটা বাছ ষ্টেণ্ডত নেচনেল কনফাৰেন্সৰ সভাপতিগৰাকীৰ এটা পুত্তলিকা দাহ কৰে ।

RBD
RBD

By

Published : Dec 7, 2022, 2:10 PM IST

নিউজ ডেস্ক, ৭ ডিচেম্বৰ : জম্মু-কাশ্মীৰ নেচনেল কনফাৰেন্সৰ সভাপতি ড৹ ফাৰুক আব্দুল্লাই (National Conference president Dr Farooq Abdullah) সেনাৰ বিৰুদ্ধে কৰা এক অভিযোগমূলক মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে বজৰং দলে (Farooq Abdullah alleged comments against army) । ৰাষ্ট্ৰীয় বজৰং দলৰ (Rashtriya Bajrang Dal, RBD) কৰ্মকৰ্তাসকলে কাশ্মীৰৰ দলটোৰ সভাপতি ৰাকেশ বজৰংগীৰ নেতৃত্বত এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ উক্ত প্ৰতিবাদৰ অংশ হিচাবে আৰবিডিৰ কৰ্মীসকলে মঙলবাৰে জম্মুৰ এটা বাছ ষ্টেণ্ডত নেচনেল কনফাৰেন্সৰ সভাপতিগৰাকীৰ এটা পুত্তলিকা দাহ কৰে ।

আৰবিডিৰ সভাপতিগৰাকীয়ে আব্দুল্লাই সেনাৰ ওপৰত কৰা মন্তব্যৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি প্ৰবীণ ৰাজনীতিবিদজনক চৰ্তহীন ক্ষমা বিচাৰিবলৈ দাবী জনাইছে (RBD demand unconditional apology by Abdullah) । আনহাতে, NC-ৰ সভাপতিগৰাকীক আক্ৰমণ কৰি সোঁপন্থী সংগঠনটোৱে চৰকাৰী হস্তক্ষেপ বিচাৰি কয় যে, সশস্ত্ৰ বাহিনীৰ ওপৰত তেওঁৰ আপত্তিজনক মন্তব্যৰ বাবে চৰকাৰে ডঃ আব্দুল্লাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা উচিত (Farooq Abdullah obnoxious comment on armed forces) ।

"ফাৰুক আব্দুল্লাহ হায় হায়, NC হায় হায়" শ্লোগানেৰে বহুসংখ্যক আৰবিডি কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ একত্ৰিত হয় আৰু আব্দুল্লাৰ এটা পুত্তলিকা দাহ কৰে (RBD burns Farooq Abdullahs effigy) ।

উল্লেখ্য, ১৯৯৬ চনৰ নিৰ্বাচন সম্পৰ্কে ফাৰুক আব্দুল্লাই দিয়া শেহতীয়া বিবৃতিৰ পিছতে এই বিতৰ্কৰ সূত্ৰপাত ঘটে । নিজৰ বিবৃতিত ফাৰুক আব্দুল্লাই অভিযোগ কৰে যে উক্ত নিৰ্বাচনত সেনাই নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিছিল আৰু জনসাধাৰণক ভোট দিবলৈ তেওঁলোকৰ ঘৰৰ পৰা ওলাই আহিবলৈ দিয়া নাছিল ।

লগতে আব্দুল্লাই চৰকাৰ আৰু নিৰাপত্তা বাহিনীক কোনো নিৰ্বাচনী প্ৰক্ৰিয়াত হস্তক্ষেপ নকৰিবলৈ সতৰ্ক কৰি দিছিল । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আৰবিডিৰ কোন্দ্ৰীয়শাসিত অঞ্চলটোৰ সভাপতি বজৰংগীয়ে কয় যে তেওঁৰ নিৰাপত্তাৰ বাবে সৰ্বাধিক সংখ্যক ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী (National Security Guard, NSG) কমাণ্ডো থকা সত্ত্বেও তেওঁ বাহিনীসমূহৰ বিষয়ে এক অপমানজনক মন্তব্য কৰিছে, যিটো দুৰ্ভাগ্যজনক । তাৰ বাবে তেওঁক ক্ষমা বিচাৰিবলৈও আহ্বান জনায় বজৰংগীয়ে ।

লগতে পঢ়ক :Himachal election results 2022 : বিৰোধী শক্তিশালী স্থিতিত থাকিলে কি হ'ব বিজেপিৰ প্লেন-B ?

For All Latest Updates

ABOUT THE AUTHOR

...view details