আগৰতলা, 23 জুলাই :আগৰতলা উৰণীয়া সেঁতু (Agartala fly over)ৰ ওপৰেৰে যাত্ৰা কৰোতে এক ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ত্ৰিপুৰাৰ এজন জ্যেষ্ঠ সাংবাদিক ৷ দুচকীয়া বাহনযোগে যাত্ৰাৰত অৱস্থাত উৰণীয়া সেঁতুখনত পূৰ্বৰে পৰা ফাঁচি থকা চিলাৰ তীক্ষ্ণ সূতা(sharp kite string)ৰ বাবে ডিঙিত গুৰুতৰভাৱে আঘাত পায় সাংবাদিক জনে ৷ ত্ৰিপুৰাৰ এখন বহুলভাৱে প্ৰচাৰিত স্থানীয় দৈনিক(local daily) কাকতৰ সাংবাদিক কমল চৌধুৰীক এই ঘটনাৰ পিছত প্ৰত্যক্ষদৰ্শী লোক সকলে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায় ৷
চিলাৰ সূতাই ডিঙিত গভীৰভাৱে কটাৰ ফলত চিকিৎসকে তেওঁৰ ডিঙিত সৰ্বমুঠ 22টা চিলাই কৰিবলৈ বাধ্য হয় ৷ এই ঘটনাৰ পিছত আগৰতলা প্ৰেছ ক্লাবৰ সম্পাদক প্ৰণৱ সৰকাৰৰ লগতে প্ৰেছ ক্লাব(press club)ৰ কাৰ্যকৰী সমিতিৰ আন জ্যেষ্ঠ সদস্যসকলে চিকিৎসালয়লৈ গৈ চৌধুৰীৰ খবৰ লয় । চৌধুৰী আগৰতলা প্ৰেছ ক্লাবৰ কাৰ্যবাহী সংস্থাৰো এজন নিৰ্বাচিত সদস্য ।