নিউজ ডেস্ক, 28 জুন:ত্ৰিপুৰাত ৰথ যাত্ৰাৰ মাজতে ভয়ংকৰ অঘটন ৷ বুধবাৰে ত্ৰিপুৰাৰৰ উনাকোটি জিলাৰ কুমাৰঘাটত বিদ্যুৎস্পৃষ্ট হৈ দুটা শিশুসহ 7 গৰাকী লোকৰ মৃত্যু হয় বুলি জানিবলৈ পৰা গৈছে ৷ ভগৱান জগন্নাথক সাত দিনৰ পিছত তেওঁৰ মন্দিৰলৈ ঘূৰাই অনা প্ৰথা "উল্টো ৰথ" উৎসৱৰ সময়তে ৰথ টানি থকাৰ মাজতে লোককেইগৰাকীৰ শৰীৰত বিদ্যুৎ পৰিবাহী তাঁৰৰ ছিগি পৰিছিল ৷ লগে লগে ঘটনাস্থলীতেই জীৱন্তে দপদপকৈ জ্বলি উঠে লোককেইগৰাকী ৷
এই ঘটনা সন্দৰ্ভত ইটিভি ভাৰতক কুমাৰঘাট এছডিপিঅ’ কমল দেৱবাৰ্মাই কয়, "পুৱাৰে পৰা অঞ্চলটোত ধাৰাসাৰ বৰষুণ হৈ আছিল ৷ তাৰ মাজতে উল্টো ৰথ যাত্ৰাৰ বাবে ভালেখিনি ভক্ত সমবেত হৈছিল ৷ ভক্তসকলে উল্টো ৰথ যাত্ৰা উৎসৱৰ সময়ত ৰথখন টানি আনি লৈ অহাৰ সময়তে ই উচ্চ-ভল্টেজ তাঁৰৰ ওপৰৰ সংস্পৰ্শলৈ আহিছিল ৷ লগে লগে সাতজন লোক নিহত হয় আৰু আন বহুলোক আহত হয় ৷"
স্থানীয় বিধায়ক ভগবান চন্দ্ৰ দাসৰ ঘটনা সন্দৰ্ভত কোৱা অনুসৰি এই শোকাৱহ ঘটনাটোত দুগৰাকী শিশু, চাৰিগৰাকী মহিলা আৰু এজন পুৰুষে প্ৰাণ হেৰুৱাইছিল ৷ সূত্ৰই জনোৱা অনুসৰি বিদ্যুতস্পৃষ্ট হৈ 20 জনৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে ৷ আহত সকলৰ ভিতৰত সাতজনক কৈলাশাহাৰৰ সমীপৰ উনাকোটি জিলা চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে ৷ ইয়াৰোপৰি কুমাৰঘাট মহকুমা চিকিৎসালয়ত প্ৰায় 15 ৰ পৰা 20 জন ভক্ত চিকিৎসাধীন হৈ আছে ৷
এই ঘটনাৰ পিচতে মুখ্যমন্ত্ৰী ড৹ মানিক সাহাই গভীৰ শোক প্ৰকাশ কৰি সামাজিক মাধ্যমত এটা পোষ্টত উল্লেখ কৰে , "আজি উল্টো ৰথৰ সময়ত বিদ্যুৎস্পৃষ্ট হোৱাৰ এই শোকাৱহ ঘটনাত যথেষ্ট সংখ্যক ভক্তই প্ৰাণ হেৰুৱাইছে ৷ এই ঘটনাটোত মই গভীৰভাৱে দুখ প্ৰকাশ কৰিছো৷ শোকসন্তপ্ত পৰিয়ালসমূহলৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছো লগতে আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰিছো ৷" লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে শোকগ্ৰস্ত পৰিয়ালসমূহৰ লগত থিয় দিব ৷