নিউজ ডেস্ক, ২৮ জুলাই : ভাৰতৰ ব্যৱসায়িক সম্ৰাট ৰতন টাটাক ইষ্ট বেংগল ক্লাবে এই বছৰ প্ৰদান কৰিব 'ভাৰত গৌৰৱ' বঁটা । আনহাতে, নীতা আম্বানিক অহা বছৰ 'ভাৰত গৌৰৱ' বঁটা প্ৰদানৰ কৰা নিৰ্বাচন কৰা হৈছে । বিগত বছৰবোৰৰ দৰে কলকাতাৰ এই ঐতিহ্যমণ্ডিত ক্লাবটোৱে ১ আগষ্টত ক্লাবটোৰ প্ৰতিষ্ঠা দিৱসত এক গৌৰৱময় অনুষ্ঠান আয়োজন কৰিব ।
এই অনুষ্ঠানটো কলকাতাৰ ক্ষুদিৰাম অনুশীলন কেন্দ্ৰত অনুষ্ঠিত হ'ব । এই অনুষ্ঠানতে ফুটবলৰ ৰঙা-হালধীয়া ক্লাবটোৱে ভাৰতীয় ফুটবলত তেওঁৰ অপৰিসীম সমৰ্থন আৰু প্ৰভাৱৰ বাবে ৰতন টাটাক সম্বৰ্ধনা জনোৱাৰ সিদ্ধান্ত লয় । আনহাতে, টাটাৰ উপৰি আন কেইবাজনো প্ৰাক্তন তাৰকাকো এই অনুষ্ঠানতে সন্মানিত কৰা হ'ব ।
ৰতন টাটাক 'ভাৰত গৌৰৱ' প্ৰদান কৰাৰ সন্দৰ্ভত ক্লাবটোৰ মুখ্য বিষয়া দেৱব্ৰত সৰকাৰে কয়, "ভাৰতীয় ফুটবললৈ ৰতন টাটাৰ অৱদান অনস্বীকাৰ্য । টাটা ফুটবল একাডেমীৰ বহুতো ফুটবলাৰে দীৰ্ঘদিন ধৰি ইষ্ট বেংগল ক্লাবৰ হৈ খেলিছে । ভাৰতীয় ফুটবলত টাটা ফুটবল একাডেমীৰ স্নাতকৰ সংখ্যা গণনা কৰিব নোৱাৰি। সেয়েহে আমি এই মূল্যৱান পুৰস্কাৰৰ বাবে সফল ক্ৰীড়া প্ৰশাসক ৰতন টাটাক বাছনি কৰোঁ ।"
উল্লেখ্য, মোহন বাগান দিৱসৰ মাত্ৰ দুদিন পূৰ্বে ইষ্ট বেংগলৰ বিষয়াসকলে ৰতন টাটাক সম্বৰ্ধনা জনোৱাৰ বাতৰি প্ৰকাশ কৰে । আনহাতে, ফুটবলপ্ৰেমীসকলে এই সন্দৰ্ভত কৈছে যে এইটো এটা ঐতিহাসিক সিদ্ধান্ত ।