নেশ্যনেল ডেস্ক,১৩ মাৰ্চ: টাটা গ্ৰুপৰ অধ্যক্ষ ৰতন টাটাই শনিবাৰে COVID-১৯ ৰ প্ৰতিষেধকৰ প্ৰথম খোৰাক গ্ৰহণ কৰে । টীকাকৰণৰ সম্পন্ন হোৱাৰ পিছত তেওঁ কয় যে, প্ৰতিষেধক গ্ৰহণ কৰাৰ সময়ত কোনো ধৰণৰ বিষ অনুভৱ হোৱা নাই । টুইটযোগে তেওঁ কয় যে, COVID-১৯ ৰ প্ৰতিষেধকৰ প্ৰথম খোৰাক গ্ৰহণ কৰিবলৈ পাই মই কৃতজ্ঞ । ভৱিষ্যতে সকলোৱে প্ৰতিষেধক লাভ কৰিব আৰু সুৰক্ষিত হ'ব বুলি আশা ব্যক্ত কৰে উদ্যোগপতিগৰাকীয়ে ।
উল্লেখ্য যে, যোৱা ১২ মাৰ্চলৈকে প্ৰতিষেধকৰ প্ৰায় ২,৮২,১৮,৪৫৭ টা খোৰাক দেশৰ ভিন্ন প্ৰান্তৰ লোকক প্ৰদান কৰা হৈছে । ইয়াৰে ২০,৫৩,৫৩৭টা খোৰাক শুকুৰবাৰে প্ৰদান কৰা হয় । ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ তথ্য অনুসৰি, শুকুৰবাৰে পৰীক্ষা কৰা ৮,৪০,৬৩৫ টা নমুনাসহ যোৱা ১২ মাৰ্চলৈকে দেশত ২২,৫৮,৩৯,২৭৩ টা নমুনা পৰীক্ষা কৰা হৈছে । যোৱা ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত হোৱা ১৫,৮১৭ জন লোকসহ মহাৰাষ্ট্ৰ দেশৰ আটাইতকৈ বেছি মহামাৰী সংক্ৰমণ হোৱা ৰাজ্যসমূহৰ ভিতৰত শীৰ্ষস্থানত আছে ।