নেশ্যনেল ডেস্ক, ১৭ মে' :দেশৰ স্বাস্থ্য ব্যৱস্থাৰ উন্নয়নৰ বাবে চৰকাৰে কোটি কোটি টকা খৰচ কৰিছে । দেশৰ প্ৰতিখন চৰকাৰী হাস্পতালৰ আন্তঃগাঁথনি উন্নত হোৱাৰ কথাও দম্ভালি মাৰি ফুৰিছে নেতাসকলে । কিন্তু উন্নয়নৰ নমুনাৰ পৰিচয় দিলে ৰাজস্থানৰ এখন চৰকাৰী হাস্পতালে । আপুনি শুনি আচৰিত হ'ব যে এইবাৰ হাস্পতালৰ ৰোগীৰ চকু কুটিলে নিগনিয়ে ।
হাস্পতালখনত চিকিৎসাধীন এগৰাকী পেৰেলাইজড অৰ্থাৎ পক্ষাঘাতগ্ৰস্ত মহিলাৰ চকু কুটিলে নিগনিয়ে । এই ঘটনাৰ পাছতে ৰাজস্থানত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । হাস্পতাল কৰ্তৃপক্ষ আৰু স্বাস্থ্য বিভাগৰ বিৰুদ্ধে সৰৱ হৈছে ৰোগীৰ পৰিয়াল আৰু সৰ্বসাধাৰণ ৰাইজ ।
জানিব পৰা মতে ২৮ বছৰীয়া ৰূপৱতী নামৰ মহিলাগৰাকী যোৱা ৪৬ দিন ধৰি কোটাৰ মহাৰাও ভীম সিং চিকিৎসালয়ৰ নিউৰো ষ্ট্ৰোক ইউনিটত ভৰ্তি হৈ আছে । ইতিমধ্যে তেওঁ পক্ষাঘাতগ্ৰস্ত হৈ পৰিছে বুলি জনা গৈছে । তেওঁ শৰীৰৰ কোনো অংশ লৰচৰ কৰিবও নোৱাৰে । আনকি কথা ক'বও নোৱাৰে মহিলাগৰাকীয়ে ।
মহিলাগৰাকীৰ স্বামী দেৱেন্দ্ৰ সিং ভাটিয়ে কোৱা মতে, তেওঁ সোমবাৰে আবেলি তেওঁৰ পত্নীৰ ওচৰতে আইচিইউত আছিল । তেতিয়াই নিগনিটোৱে মহিলাগৰাকীৰ সোঁ চকুত কামুৰিছিল (Rat eats up Paralysed woman Eyelashes In Kota)। তেওঁৰ পত্নীয়ে অলপ ডিঙিটো জোকাৰিছিল । যাৰ বাবে স্বামীৰ টোপনি ভাগিছিল আৰু মহিলাগৰাকীৰ চকুৰ পৰা তেজ ওলোৱা দেখি আতংকিত হৈ পৰিছিল ।
লগে লগে এই সন্দৰ্ভত চিকিৎসকসকলৰ সৈতে তেওঁ কথা পাতিছিল ৷ তাত থকা চিকিৎসকসকলে চকু চিকিৎসকৰ পৰামৰ্শ লয় । স্বামীয়ে জনোৱা মতে প্ৰয়োজন হ'লে চকুৰ অস্ত্ৰোপচাৰও কৰা হ'ব পাৰে । আনহাতে একেটা নিউৰো ষ্ট্ৰোক ইউনিটৰ আইচিইউত ভৰ্তি হোৱা আন ৰোগীৰ পৰিয়ালে কয় যে আইচিইউত বৃহৎ সংখ্যক নিগনি আছে ।