অসম

assam

ETV Bharat / bharat

সুখদেৱ সিং গোগামেড়ী হত্যাকাণ্ডৰ দুই শ্বুটাৰক চিনাক্তকৰণ - গোগামেড়ী হত্যাকাণ্ডৰ দুই শ্বুটাৰক চিনাক্তকৰণ

(Sukhdev Singh Gogamedi Murder)সুখদেৱ সিং গোগামেড়ী হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত দুই শ্বুটাৰক চিনাক্ত কৰে আৰক্ষীয়ে ৷ আৰক্ষীয়ে শ্বুটাৰ ৰোহিত আৰু নিতিনৰ ফটো লাভ কৰাৰ পিচতে ৰাজ্যখনত কঠোৰ অভিযান অব্যাহত ৰাখিছে ৷

Sukhdev Singh Gogamedi Murder Case
সুখদেৱ সিং গোগামেড়ী হত্যাকাণ্ডৰ দুই শ্বুটাৰক চিনাক্তকৰণ

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 1:24 PM IST

Updated : Dec 6, 2023, 1:33 PM IST

সুখদেৱ সিং গোগামেড়ী হত্যাকাণ্ডৰ দুই শ্বুটাৰক চিনাক্তকৰণ

নেশ্যনেল ডেস্ক, 6 ডিচেম্বৰ : শ্ৰী ৰাজপুত কৰ্ণী সেনাৰ অধ্যক্ষ সুখদেৱ সিং গোগামেড়ী হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত দুই শ্বুটাৰক বুধবাৰে চিনাক্ত কৰা হৈছে। শ্বুটাৰ ৰোহিত ৰাথোড় আৰু নিতিন ফৌজীক চিনাক্ত কৰে আৰক্ষীয়ে । আৰক্ষীয়ে ইতিমধ্যে ৰোহিত আৰু নিতিনৰ ফটো লাভ কৰিছে ৷ এই ফটোৰ আধাৰত দুয়োৰে সন্ধান চলি আছে ।

জানিব পৰা মতে, দুৰ্বৃত্তকেইটাৰ বিদেশতো সম্পৰ্ক আছে । নিতিন ফৌজী হাৰিয়ানাৰ, আনহাতে ৰোহিত ৰাথোড় নাগাউৰ ৰাজস্থানৰ । অভিযুক্ত নিতিনৰ জয়পুৰৰ ঝোটৱাৰাত এখন কাপোৰৰ দোকান আছে বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে ৷

আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি শ্বুটাৰ নিতিন এজন সেনা জোৱান আছিল ৷ নিতিন ফৌজীয়ে আজিৰ পৰা চাৰি-পাঁচ বছৰৰ পূৰ্বে সেনাবাহিনীত যোগদান কৰিছিল । গাওঁবাসীয়ে জনোৱা অনুসৰি, নিতিনে আলৱাৰত কৰ্মৰত আছিল আৰু নৱেম্বৰত ছুটীত নিতিন ঘৰলৈ আহিছিল। নিতিনে ৰাজস্থানৰ জাট বেহৰোৰত বিবাহপাশত আৱদ্ধ হৈছিল।

উল্লেখ্য যে, মঙলবাৰে বিয়লি ৰাজধানী জয়পুৰৰ শ্যাম নগৰ আৰক্ষী থানা এলেকাত শ্ৰী ৰাজপুত কৰ্ণী সেনাৰ অধ্যক্ষ সুখদেৱ সিং গোগামেড়ীকে ধৰি দুজন লোকক নিজ বাসগৃহতে গুলীয়াই হত্যা কৰা হয়। দুষ্কৃতিকাৰী দুটাই দিন দুপৰতে ঘৰত প্ৰৱেশ কৰি গোগামেড়ীসহ দুজনৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা কৰিছিল।

তাৰ পিচতে লগে লগে পৰিয়ালৰ লোকে গোগামেড়ীক মানসৰোবৰৰ মেট্ৰ' গণ চিকিৎসালত চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। এই ঘটনাত নবীন সিং নামৰ আন এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে সুখদেৱ সিং গোগামেড়ীৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী অজিত সিং গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ অজিত সিং বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ঘটনা সংঘটিত কৰি দুই দুৰ্বৃত্তই স্কুটী লৈ পয়ালন কৰে ৷ দুৰ্বৃত্তই তিনিওজনলৈ প্ৰায় 17 ৰাউণ্ড গুলীচালনা কৰিছিল।

ৰাজস্থান আৰক্ষীয়ে ইতিমধ্যে হত্যাৰ অভিযুক্তক বিচাৰি অভিযান অব্যাহত ৰাখিছে । ৰাজস্থান আৰক্ষীয়েও চুবুৰীয়া ৰাজ্যসমূহৰ আৰক্ষীৰ সহায় লৈছে। চুবুৰীয়া ৰাজ্যসমূহৰ আৰক্ষীক হত্যাৰ অভিযুক্তৰ তথ্য আৰু ফটো প্ৰদান কৰা হৈছে । দুয়ো দুৰ্বৃত্তক অচিৰেই কৰায়ত্ত কৰিবলৈ কেইবাটাও আৰক্ষীৰ দলে চেষ্টা অব্যাহত ৰাখিছে ৷

এই ঘটনাক লৈ সমগ্ৰ জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । জলয়পুৰকে ধৰি সমগ্ৰ ৰাজ্যখনত বুধবাৰৰ দিনটোত বন্ধৰ আহ্বান কৰিছে ৷ মানসৰোবৰৰ মেট্ৰ' গণ চিকিৎসালয়ৰ বাহিৰত শ শ লোক ধৰ্ণা কাৰ্যসূচী হাতত লৈছে । ৰাজপুত সম্প্ৰদায়ৰ লোকসকলে জয়পুৰকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত এই ঘটনাৰ প্ৰতিবাদত কাৰ্যসূচী হাতত লৈছে ৷

লগতে পঢ়ক:আততায়ীৰ গুলীত শ্ৰী ৰাজপুত কৰ্ণী সেনাৰ অধ্যক্ষ সুখদেৱ সিং গোগামেড়ীৰ মৃত্যু, গেংষ্টাৰ ৰোহিত গোদাৰাৰ দায়িত্ব স্বীকাৰ

Last Updated : Dec 6, 2023, 1:33 PM IST

ABOUT THE AUTHOR

...view details