নেশ্যনেল ডেস্ক, 29 জুলাই:দেশৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰি শলঠেকত কংগ্ৰেছী সাংসদ অধীৰ ৰঞ্জন চৌধুৰী (Congress leader Adhir Ranjan Chowdhury) ৷ কংগ্ৰেছী সাংসদগৰাকীয়ে ৰাষ্ট্ৰপতিগৰাকীক "ৰাষ্ট্ৰপত্নী" শব্দৰে সম্বোধন কৰাৰ ফলত লোকসভা আৰু ৰাজ্যসভাৰ লগতে দেশজুৰি তুমুল বিতৰ্কৰ সৃষ্টি হৈছিল (Insulting remarks towards President Droupadi Murmu)৷
যোৱা 28 জুলাইত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ বাবে কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীৰ বিৰুদ্ধে বিজেপি কৰ্মীসকলে এক অভিযোগ দাখিল কৰিছে মধ্য প্ৰদেশ বিজেপিৰ সদস্যসকলে (FIR filed against Congress MP Adhir Chowdhury) ৷ কংগ্ৰেছী সাংসদগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইন ১৫৩বি, ৫০৫(এ)ৰ অধীনত এজাহাৰ দাখিল কৰে (Rashtrapatni remarks row) ৷
ইফালে, কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে সমালোচনা কৰি 28 জুলাইত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতাগৰাকীয়ে ব্যৱহাৰ কৰা শব্দটোক "অশ্লীল" বুলি অভিহিত কৰে (Assam Chief Minister Himanta Biswa Sarma)৷ ইয়াৰোপৰি প্ৰতিজন ভাৰতীয়ই কংগ্ৰেছ, ইয়াৰ নেতা আৰু ছোনিয়া গান্ধীক বৰ্জন কৰা উচিত বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷