অসম

assam

ETV Bharat / bharat

পশ্চিম হিমালয়ত প্ৰথমবাৰৰ বাবে বিৰল প্ৰজাতিৰ উদ্ভিদ আৱিষ্কাৰ - potential medicinal benefits

পশ্চিম হিমালয় অঞ্চলত প্ৰথমবাৰৰ বাবে উট্ৰিকুলাৰিয়া ফুৰচেলাটা (Utricularia Furcellata) নামৰ এটা অতি বিৰল মাংসভোজী উদ্ভিদৰ প্ৰজাতিৰ (carnivorous plant species) সন্ধান পোৱা গৈছে । বন বিভাগৰ এজন জ্যেষ্ঠ বিষয়াই শনিবাৰে এই কথা জনায় ।

পশ্চিম হিমালয়ত প্ৰথমবাৰৰ বাবে বিৰল প্ৰজাতিৰ উদ্ভিদ আৱিষ্কাৰ
পশ্চিম হিমালয়ত প্ৰথমবাৰৰ বাবে বিৰল প্ৰজাতিৰ উদ্ভিদ আৱিষ্কাৰ

By

Published : Jun 25, 2022, 7:00 PM IST

নিউজ ডেস্ক, ২৫ জুন :বিচিত্ৰ প্ৰকৃতিত বিভিন্ন প্ৰকাৰৰ জীৱ আছে । আনহাতে, বহু জীৱ প্ৰজাতি এতিয়ালৈকে আৱিষ্কাৰ হৈছে বা সন্ধান পোৱা গৈছে যদিও বহু প্ৰজাতি এতিয়াও আমাৰ অলক্ষিতে আছে । আমি ইতিমধ্যে মাংসভোজী উদ্ভিদৰ কথা জানো । তেনে এবিধ মাংসভোজী উদ্ভিদ হৈছে কলচী উদ্ভিদ । আনহাতে, বিভিন্ন কল্প বিজ্ঞানৰ কাহিনীতো আমি মাংসভোজী উদ্ভিদৰ বৰ্ণনা পাওঁ । এইবাৰ তেনে এক বিৰল প্ৰজাতিৰ উদ্ভিদ আৱিষ্কাৰ হৈছে হিমালয়ৰ বুকুত ।

পশ্চিম হিমালয় অঞ্চলত প্ৰথমবাৰৰ বাবে উট্ৰিকুলাৰিয়া ফুৰচেলাটা (Utricularia Furcellata) নামৰ এটা অতি বিৰল মাংসভোজী উদ্ভিদৰ প্ৰজাতিৰ (carnivorous plant species) সন্ধান পোৱা গৈছে । বন বিভাগৰ এজন জ্যেষ্ঠ বিষয়াই শনিবাৰে এই কথা জনায় । চামোলি জিলাত অৱস্থিত মনোৰম মণ্ডল উপত্যকাত উত্তৰাখণ্ড বন বিভাগৰ (Uttarakhand Forest Department) এটা গৱেষকৰ দলে এই বিৰল প্ৰজাতিবিধ চিনাক্ত কৰা বুলি জনাইছে মুখ্য বন সংৰক্ষক (গৱেষণা) সঞ্জীৱ চতুৰ্বেদীয়ে (Chief Conservator of Forest) ।

তেওঁ কয়, "কেৱল উত্তৰাখণ্ডতে নহয়, সমগ্ৰ পশ্চিম হিমালয় অঞ্চলতে (western Himalayan region) এই উদ্ভিদবিধ প্ৰথম দেখা গৈছে ।" সংমণ্ডল বিষয়া (Range Officer) হৰিশ নেগী আৰু কনিষ্ঠ গৱেষণা ৰিচাৰ্চ ফেলো মনোজ সিঙক লৈ গঠিত উত্তৰাখণ্ড বন বিভাগৰ দলটোৱে কৰা এই আৱিষ্কাৰ উদ্ভিদ উদ্ভিদ বিজ্ঞানৰ ওপৰত ১০৬ বছৰ পুৰণি আলোচনী 'জাৰ্নেল অব জাপানিজ বোটানি'ত (Journal of Japanese Botany) প্ৰকাশ হৈছে । আনহাতে, এই আৱিষ্কাৰক উক্ত ক্ষেত্ৰখনৰ অন্যতম শ্ৰেষ্ঠ হিচাবে গণ্য কৰা বুলি কেতুৰ্বেদীয়ে কয় ।

তেওঁ লগতে কয়, উত্তৰাখণ্ড বন বিভাগৰ বাবে এয়া এক গৌৰৱৰ মুহূৰ্ত । কিয়নো বিভাগটোৰ দ্বাৰা আৱিষ্কৃত এইটো প্ৰথম আৱিষ্কাৰ যিটো সন্মানীয় আলোচনীখনত প্ৰকাশ হৈছে । উক্ত আৱিষ্কাৰটো উত্তৰাখণ্ডৰ পতংগভোজী উদ্ভিদ (insectivorous plants) অধ্যয়ন প্ৰকল্পৰ অংশ আছিল । চতুৰ্বেদীয়ে কয় যে এই মাংসভোজী উদ্ভিদবিধ 'bladderworts' নামৰ এটা গণৰ অন্তৰ্গত ।

তেওঁ কয়, "প্ৰটোজোৱাৰ (protozoa) পৰা পোক-পতংগ, মহৰ পোৱালি (mosquito larvae) আৰু আনকি লালুকিলৈকে (young tadpoles) লক্ষ্য স্থিৰ কৰি ধৰিব পৰা ই আটাইতকৈ অত্যাধুনিক আৰু বিকশিত উদ্ভিদ প্ৰজাতি (sophisticated and developed plant structures) ।" ইয়াৰ কাৰ্যকলাপ এক যান্ত্ৰিক প্ৰক্ৰিয়াৰ ওপৰত আধাৰিত, এক ভেকুৱাম বা ঋণাত্মক চাপ ক্ষেত্ৰ সৃষ্টি কৰি তাৰ ফান্দৰ দুৱাৰমুখলৈ (trap door) চিকাৰ টানি আনিব পাৰে । উল্লেখ্য, মাংসভোজী উদ্ভিদবোৰৰ বেছিভাগ সতেজ পানী আৰু তিতা মাটিত পোৱা যায় ।

সাধাৰণ উদ্ভিদৰ সালোক সংশ্লেষণ পদ্ধতিৰ (photosynthesis) তুলনাত, বুদ্ধিমান আকৰ্ষণ প্ৰণালীৰ জৰিয়তে খাদ্য আৰু পুষ্টি (food and nutrition) সংগ্ৰহৰ ইয়াৰ এক সম্পূৰ্ণ পৃথক পদ্ধতি আছে । সাধাৰণতে দুৰ্বল পুষ্টিৰ মাটিত গজা মাংসভোজী উদ্ভিদৰ সম্ভাব্য ঔষধি গুণাগুণৰ (potential medicinal benefits) বাবে সমগ্ৰ বিশ্বৰ বৈজ্ঞানিক সম্প্ৰদায়ৰ প্ৰতি নতুন আগ্ৰহৰ সৃষ্টি কৰা বুলিও বিষয়াজনে কয় ।

লগতে পঢ়ক :Ava Bracelet: আগতীয়াকৈ জানিব পাৰিব, আপুনি ক'ভিডত আক্ৰান্ত হ'ব নেকি ?

ABOUT THE AUTHOR

...view details