নেচনেল ডেস্ক,২৫ জুলাই: হায়দৰাবাদত জঘন্য ঘটনা । চেতনানাশক ঔষধ ব্য়ৱহাৰ কৰি এজন চৰকাৰী কৰ্মচাৰীয়ে এগৰাকী বিবাহিত মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ (Rape in Shamshabad of Hyderabad) । মুদাৱত চান্দুলাল (40) নামৰ চৰকাৰী কৰ্মচাৰীজনৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপিত হৈছে । আৰ জি আই এ আৰক্ষীয়ে সদৰি কৰা মতে, মুদাৱত চান্দুলাল নামৰ লোকজনে ছামছাবাদ উপ-কেন্দ্ৰত অপাৰেটৰ হিচাপে কৰ্মৰত হৈ আছে ( RGIA police registered a case)।
আনহাতে, স্বামীৰ মৃত্যুৰ পিছত এগৰাকী ২৬ বছৰীয়া মহিলা চাকৰিৰ বাবে ছামছাবাদলৈ আহিছিল । মহিলাগৰাকীয়ে কাম কৰি জীৱিকা নিৰ্বাহ কৰি আছিল । ইয়াৰ মাজতেই চান্দুলালে মহিলাগৰাকীক হাৰাশাস্তি কৰি আছিল । মহিলাগৰাকীয়ে চান্দুলালৰ প্ৰস্তাৱ অস্বীকাৰ কৰে । কিন্তু চান্দুলালে এদিন নিশা চেতনানাশক ঔষধ ৰুমাল এখনত লৈ মহিলাগৰাকীৰ ঘৰত উপস্থিত হয় ।