নেশ্য়নেল ডেস্ক , ২১ডিচেম্বৰ:ৰাজস্থানৰ জয়পুৰৰ মুহানা অঞ্চলত এগৰাকী ৩৫ বছৰীয়া মহিলাক দুজন অচিনাক্ত লোকে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে (Raped in Jaipur) । ঘটনাৰ বিৱৰণি অনুসৰি দুজন লোকে মহিলাগৰাকীক পথাৰত আক্ৰমণ কৰি প্ৰাণে মৰাৰ ভাবুকি দি ধৰ্ষণ কৰে । লোক দুজনে ঘটনাটো সংঘটিত কৰিয়েই উক্ত স্থানৰ পৰা পলায়ন কৰে । ইয়াৰ পিছতেই মহিলাগৰাকীক চিকিৎসাৰ বাবে এখন ব্যক্তিগত চিকিৎসালয়লৈ নিয়া হয় যদিও তেওঁৰ শাৰীৰিক অৱস্থা জটিল হোৱা বাবে তেওঁক চিকিৎসাকে ছাংগানেৰী গেট মহিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে (Sanganeri Gate Womens Hospital) । উক্ত ঘটনাৰ বিষয়ে সদৰী কৰিছে জয়পুৰ আৰক্ষীৰ শীৰ্ষ বিষয়াই ।
সহকাৰী আৰক্ষী আয়ুক্ত (ACP of Jaipur) হৰিশংকৰে উক্ত ঘটনাটো সন্দৰ্ভত কয়, "ভুক্তভোগীৰ বিবৃতিৰ ভিত্তিত আৰক্ষীয়ে দলবদ্ধ ধৰ্ষণৰ এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে । তিনিটা সন্তানৰ মাতৃ মহিলাগৰাকীয়ে পুৱা প্ৰায় ৫ বজাত প্ৰাত:কৃতৰ বাবে ঘৰৰ বাহিৰৰ এখন নিৰ্জন স্থানলৈ যোৱাৰ সময়তেই দুজন লোকে তেওঁক আক্ৰমণ কৰিছিল । যেতিয়া মহিলাগৰাকীয়ে প্ৰতিবাদ কৰিছিল তেওঁলোকৰ এজনে মহিলাগৰাকীৰ মুখত কাপোৰ ভৰাই ধৰ্ষণ কৰিছিল ।"