অসম

assam

ETV Bharat / bharat

rape complaint in Kerala: ধৰ্ষণৰ অভিযোগত কেৰালাৰ এগৰাকী আৰক্ষী পৰিদৰ্শকক গ্ৰেপ্তাৰ - Kerala police inspector arrested

কেৰালাত ধৰ্ষণৰ অভিযোগত আৰক্ষী পৰিদৰ্শকক (Kerala police inspector) গ্ৰেপ্তাৰ । ত্ৰিকক্কাৰাৰ এগৰাকী মহিলাৰ অভিযোগৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হয় ।

rape complaint in Kerala
ধৰ্ষণৰ অভিযোগত কেৰালা আৰক্ষী পৰিদৰ্শকক গ্ৰেপ্তাৰ

By

Published : Nov 13, 2022, 7:22 PM IST

নেশ্য়নেল ডেস্ক, ১৩ নৱেম্বৰ:ৰক্ষকেই ভক্ষক হৈছে আৰক্ষী । এইবাৰ কেৰালাত আৰক্ষীৰ জালত পৰিল স্বয়ং খাকী পোছাক পিন্ধা বিষয়া । কেৰালাৰ কোজিকোড জিলাত ধৰ্ষণৰ অভিযোগত কেৰালা আৰক্ষী পৰিদৰ্শকক (Kerala police inspector arrested) গ্ৰেপ্তাৰ কৰা হৈছে । কোজিকোড উপকূলীয় আৰক্ষী থানাৰ ষ্টেচন হাউছ বিষয়া পি আৰ চুনুক ত্ৰিকক্কাৰা (Ernakulam district) আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । আৰক্ষীয়ে উল্লেখ্য় কৰি কয় যে, ত্ৰিকক্কাৰাৰ এগৰাকী মহিলাৰ অভিযোগৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছিল ।

এটা গোচৰত কাৰাগাৰত থকা এজন লোকৰ পত্নীয়ে চুনুৰ বিৰুদ্ধে এই আভিযোগ উত্থাপন কৰিছিল । এছএইচঅ'কে ধৰি এটা ছয় জনীয়া দলে মহিলাগৰাকীক ধৰ্ষণ কৰিছিল । উল্লেখ্য় যে, ২০২২ চনৰ মে’ মাহতত সংঘটিত এটা ঘটনাত গ্ৰেপ্তাৰ কৰা হৈছিল এই মহিলাগৰাকীৰ স্বামীক ।

চুনু উপকূলীয় আৰক্ষী থানাত উপস্থিত হোৱাৰ পিছতে ত্ৰিকক্কাৰাৰ তদন্তকাৰী দলটোৱে তেওঁক জিম্মাত লয় । গ্ৰেপ্তাৰৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ পিছত পৰিদৰ্শকজনক এৰ্নাকুলামলৈ লৈ যোৱা হয় বুলি আৰক্ষীয়ে সদৰি কৰিছে ।

লগতে পঢ়ক:Women suspicious murder: মহানগৰীত নিজ বাসগৃহত মহিলাৰ মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details