নিউজ ডেস্ক, 2 ফেব্ৰুৱাৰী : আজিৰে পৰা মুম্বাইত অনুষ্ঠিত হৈছে বিশ্বৰ অন্যতম বৃহৎ ভ্ৰমণ বাণিজ্য প্ৰদৰ্শনী অ'টিএম-2023 (OTM 2023 Mumbai)৷ 2 ফেব্ৰুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈকে মুম্বাইৰ জিঅ' ৱৰ্ল্ড কনভেনচন চেণ্টাৰত অনুষ্ঠিত হৈছে এই প্ৰদৰ্শনী ৷ দেশৰ প্ৰায় 30 খন ৰাজ্য আৰু 50 টা আন্তঃৰাষ্ট্ৰীয় পৰ্যটন ক্ষেত্ৰই অংশগ্ৰহণ কৰা সন্মিলনখনত হায়দৰাবাদস্থিত ৰামোজী ফিল্ম চিটিৰ প্ৰদৰ্শনীত দৰ্শকৰ অভাৱনীয় ভিৰ পৰিলক্ষিত হৈছে ৷
দৰ্শনাৰ্থীসকলৰ ভিৰে ট্যুৰ অপাৰেটৰ আৰু ৰামোজী ফিল্ম চিটিৰ লগত জড়িত লোকসকলক উৎফুল্লিত কৰি তুলিছে ৷ প্ৰদৰ্শনীখনৰ দৰ্শনাৰ্থীসকলে ৰামোজী ফিল্ম চিটিক অন্যতম পৰ্যটনস্থলী হিচাবে অভিহিত কৰিছে ৷ এই সন্দৰ্ভত পৰ্যটক আৰু চহৰভিত্তিক পৰ্যটন প্ৰতিষ্ঠানৰ কৰ্মচাৰী ময়ুৰ গাইকৱাডে কয় যে হায়দৰাবাদ আৰু ৰামোজী ফিল্মটিচিত সকলোধৰণৰ সা-সুবিধা উপলব্ধ হৈছে ৷ যাৰ বাবে ফিল্ম চিটিখনৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাইছে (Ramoji Film City stall at OTM travel trade show)৷
তেওঁ কয়, ‘‘প্ৰদৰ্শনী মেলাৰ ৰামোজী ফিল্মচিটিৰ প্ৰদৰ্শনীৰ বাবে মই ব্যক্তিগত আগ্ৰহৰ উপৰিও বিশেষভাৱে উৎসুক হৈ আছিলোঁ ৷ কিয়নো আমাৰ এটা দলে ৰামোজী ফিল্ম চিটি দৰ্শনৰ বাবে পৰিকল্পনা কৰা আছো ৷ ফিল্ম চিটিখনত এক বিশাল মনোৰঞ্জন ভাণ্ডাৰ আছে ৷ য’লৈ মহাৰাষ্ট্ৰৰ লগতে দেশৰ আন ঠাইৰ পৰা দৈনিক পৰ্যটকৰ সোঁত বয় ৷ পৰ্যটকসকলে সাধাৰণতে বাহুবলী চিনেমাৰ শ্বুটিংস্থলীৰ লগতে আন বিখ্যাত চলচ্চিত্ৰৰ শ্বুটিংস্থলী আৰু চেটসমূহ দৰ্শনৰ বাবে ইচ্ছুক হৈ থাকে’’।
লগতে তেওঁ কয় "আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, ফিল্ম চিটিখনত সকলো শ্ৰেণীৰ লোকৰ বাবে কিবা নহয় কিবা এটা আছে ৷ শিশুসকলৰ লগতে জ্যেষ্ঠসকলৰ বাবেও আকৰ্ষণীয় স্থানৰ লগতে উপভোগৰ সমল আছে ফিল্ম চিটিখনত ৷ তেওঁলোকৰ সেৱা অতি সুপৰিকল্পিত আৰু যান-বাহনৰ সুবিধাও অতি সুচল ৷ সামগ্ৰিকভাৱে, সম্পূৰ্ণ এটা দিনৰ বাবে এক নিশ্চিত প্ৰণালীবদ্ধ মনোৰঞ্জন পেকেজ আছে ৰামোজী ফিল্ম চিটিত’’৷