নেশ্যনেল ডেস্ক, 3 ফেব্ৰুৱাৰী: এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ফ্লেগশ্বিপ ভ্ৰমণ-বাণিজ্য অনুষ্ঠান অ'টিএম 2023 (Ramoji Film City stall in OTM 2023) বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে ৷ অহা 4 ফেব্ৰুৱাৰীলৈ মুম্বাইৰ জিঅ' ৱৰ্ল্ড কনভেনচন চেণ্টাৰত আৰম্ভ হোৱা অনুষ্ঠানটোৰ প্ৰথমটো দিনত ৰামোজী ফিল্ম চিটিৰ ষ্টলে (Ramoji Film city stall) সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ ৰামোজী ফিল্ম চিটিৰ ষ্টলত লোকসকলে ভিৰ কৰা পৰলক্ষিত হয় ৷
ভাৰতৰ ৩০ খন ৰাজ্যকে ধৰি ৫০ খন দেশৰ হাজাৰ হাজাৰ পৰ্যটন ব্যৱসায়ীয়ে এই প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছে। এই সকলোবোৰৰ মাজতে হায়দৰাবাদৰ ৰামোজী ফিল্ম চিটিৰ ষ্টলে অন্যতম স্থান লাভ কৰিছে (Mumbai Trade Show) ৷
মুম্বাইৰ পৰ্যটন প্ৰতিষ্ঠান এটাৰ কৰ্মচাৰী ময়ুৰ গায়কৱাডে (Mayur Gaikwad) এই অনুষ্ঠানৰ সন্দৰ্ভত কয়, "ইয়াত উপলব্ধ বিভিন্ন কাৰ্যকলাপৰ বাবে হায়দৰাবাদ চহৰ আৰু ৰামোজী ফিল্ম চিটিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । ৰামোজীৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ ছেট আছে ৷ পাৰিবাৰিক মনোৰঞ্জনেৰে পৰিপূৰ্ণ ফিল্মচিটিৰ সকলোৰে মুখ্য আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে। ফিল্ম চিটিৰ ভিতৰত শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈ বহুপ্ৰকাৰৰ মনোৰঞ্জনৰ কাৰ্যসূচী আছে ৷ বাহুবলীৰ দৰে চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ ৰামোজী ফিল্ম চিটিত কৰা হৈছে। এই ষ্টলটো চাবলৈ মই অতিকৈ আগ্ৰহী আছিলো ৷ মোৰ ব্যক্তিগত উৎসুকতাৰ বাহিৰেও ৰামোজী ফিল্ম চিটি পৰিদৰ্শন আমাৰ এটা দলে পৰিকল্পনা কৰা আছো । ফিল্ম চিটিত বিশাল মনোৰঞ্জনৰ পেকেজ আছে ৷ সাধাৰণতে ফিল্ম চিটীত থকা 'বাহুবলী' বা অন্য বিখ্যাত চলচ্চিত্ৰৰ ছেট দৰ্শন কৰিবলৈ বহু পৰ্যটকৰ সোঁত বয়ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ট্যুৰ অপাৰেটৰ লগতে সৰ্বসাধাৰণ লোকসকলে ফিল্ম চিটিখন ভ্ৰমণৰ পেকেজসমূহ জানিবলৈ ইচ্ছুক হৈছে ৷ ।"