অসম

assam

By

Published : Jun 16, 2021, 8:06 PM IST

ETV Bharat / bharat

ৰাম মন্দিৰৰ ভূমি ক্ৰয় কেলেংকাৰীৰ বাবে দেশবাসী লজ্জিত:ডি কে শিৱকুমাৰ

ৰাম মন্দিৰৰ ভূমি ক্ৰয় কেলেংকাৰী ঘটনাৰ বাবে সমগ্ৰ দেশৰ নাগৰিক লজ্জিত বুলি মন্তব্য কৰে কৰ্ণাটক প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ডি কে শিৱকুমাৰে । পেট্ৰ'লজাত সামগ্ৰী মূল্যবৃদ্ধি বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক পকেটমাৰ আখ্যা নেতাগৰাকীৰ ।

Ram Temple land purchase scam
ৰাম মন্দিৰৰ ভূমি ক্ৰয় কেলেংকাৰীৰ বাবে দেশবাসী লজ্জিত

নেশ্যনেল ডেস্ক,১৬ জুন:অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে ভূমি ক্ৰয়ত হোৱা অনিয়ম সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰ্ণাটক প্ৰদেশ কংগ্ৰেছ কমিটিৰ(KPCC) সভাপতি ডি কে শিৱকুমাৰৰ । তেওঁৰ মতে এই কাণ্ডই সমগ্ৰ দেশ আৰু ইয়াৰ জনসাধাৰণৰ অনুভূতিক অপমানিত কৰিছে । মঙলবাৰে পে'ট্ৰলজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ(Price hike) ক্ষেত্ৰত হোৱা "১০০ নট আউট"(100 Not Out) শীৰ্ষক এক প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ এই মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।

ডি কে শিৱকুমাৰ

শিৱকুমাৰে লগতে কয় যে মানুহে ৰাম মন্দিৰ(Ram Temple) নিৰ্মাণৰ বাবে তেওঁলোকৰ সঞ্চয়ৰ পৰা ধন দান কৰিছিল । কিন্তু সংশ্লিষ্ট কৰ্তৃপক্ষই ধনখিনিৰ ক্ষেত্ৰত প্ৰৱঞ্চনা কৰিলে । তেওঁৰ মতে ইয়াক সমগ্ৰ দেশে গৰিহণা দিয়া উচিত । কেন্দ্ৰীয় আৰু উত্তৰ প্ৰদেশ চৰকাৰক এই কেলেংকাৰীত জড়িত সকলক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰো আহ্বান জনাই নেতাগৰাকীয়ে ।

ইফালে "১০০ নট আউট" শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ তেওঁ কয় যে চৰকাৰে পেট্ৰ'লৰ ওপৰত প্ৰতি লিটাৰত ৬৫ টকা কৰ আৰোপ কৰিছে আনহাতে ইন্ধনৰ মূল্য প্ৰকৃততে মাত্ৰ ৩৫ টকা। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পাকো সমালোচনা কৰি তেওঁ কয় যে কেইবছৰমান পূৰ্বে পেট্ৰ'লৰ মূল্য ৫২ টকালৈ বৃদ্ধি হোৱাৰ প্ৰতিবাদত তেওঁ আৰু ইশ্বৰাপ্পাই চাইকেল চলাই থকাৰ ফটো আছে ।

উদুপি-চিকমাগালুৰৰ সাংসদ শোভা কাৰান্দলাজেও তেওঁৰ মূৰত গেছ চিলিণ্ডাৰ লৈ প্ৰতিবাদ কৰিছিল । চৰকাৰক সমালোচনা কৰি নেতাগৰাকীয়ে কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে লো, চিমেণ্ট আৰু সাৰৰ মূল্যবৃদ্ধি কৰি পকেটমাৰৰ ভূমিকা গ্ৰহণ কৰিছে ।

লগতে পঢ়ক:পশ্চিমবংগৰ কুশমণ্ডিত প্ৰাচীন মূৰ্তি উদ্ধাৰ

ABOUT THE AUTHOR

...view details