অসম

assam

ETV Bharat / bharat

নিৰ্বাচনৰ আগতে ৰাম মন্দিৰ উদ্বোধন এক কৌশল, মমতা বেনাৰ্জী

Mamata on Ram Mandir : বিগত কেইদিনমান ধৰি পশ্চিমবংগৰ জনসাধাৰণে সমগ্ৰ দেশত সৃষ্টি হোৱা উৎসৱৰ পৰিৱেশ সম্পৰ্কে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিক্ৰিয়া জানিব তাক বিচাৰি আছিল । সোমবাৰে সাংবাদিকে মমতা বেনাৰ্জীক ৰাম মন্দিৰৰ বিষয়ে সোধাত কিন্তু তেওঁ বিষয়টোৰ পৰা ফালৰি কাটে । কিন্তু মঙলবাৰে এই সন্দৰ্ভত তেওঁ মুখ খোলে ।

নিৰ্বাচনৰ আগতে ৰাম মন্দিৰ উদ্বোধন এক কৌশল, মমতা বেনাৰ্জী
নিৰ্বাচনৰ আগতে ৰাম মন্দিৰ উদ্বোধন এক কৌশল, মমতা বেনাৰ্জী

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 5:41 PM IST

নিউজ ডেস্ক, ৯ জানুৱাৰী :দেশত এতিয়া ৰাম নামৰ বন্যা । কেউফালে এক উৎসৱৰ পৰিৱেশ । ২২ জানুৱাৰীত প্ৰস্তাৱিত ৰাম মন্দিৰ উদ্বাধন কাৰ্যসূচীক লৈ কাৰ্যত দেশজুৰি এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে । কিন্তু এই পৰিৱেশ সন্দৰ্ভত বংগৰ জনসাধাৰণে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিক্ৰিয়া জানিবলৈ বিগত কেইদিনমান ধৰি অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে । অৱশ্যে এই বিষয়ৰ পৰা মমতাই কিছু দূৰত্ব অৱলম্বন কৰা পৰিলক্ষিত হৈছে ।

সোমবাৰে ৰাম মন্দিৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰতো তৃণমূলৰ নেত্ৰীগৰাকীয়ে বিশেষ একো প্ৰকাশ কৰাৰ পৰা বিৰত থাকে । কিন্তু তাৰ ঠিক পিছদিনা মঙলবাৰে, বংগৰ মুখ্যমন্ত্ৰীয়ে বিষয়টো সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা এৰাই চলিব নোৱাৰিলে । মমতা বেনাৰ্জীয়ে মঙলবাৰে আবেলি জয়নগৰৰ সভাৰ পৰা ৰাম মন্দিৰৰ বিষয়ে মুকলিকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

"কেইগৰাকীমান সাংবাদিকে মোক সুধিছিল যে ৰাম মন্দিৰৰ বিষয়ে আপুনি কি ক'ব, যেন তাৰ বাহিৰে আৰু একো কৰিব লগীয়া নাই । মই কেৱল এটা কথা কওঁ যে সকলোৰে বাবে ধৰ্মৰ নিজা উৎসৱ আছে । মই এনে এটা উৎসৱত বিশ্বাস কৰোঁ, য'ত সকলোকে অন্তৰ্ভুক্ত থাকে । আপোনালোকে এইটো আদালতৰ আদেশৰ অধীনত কৰি আছে... আপোনালোকে নিৰ্বাচনৰ পূৰ্বে এটা গিমিক শ্ব' কৰিব । মোৰ কোনো আপত্তি নাই । কিন্তু আন সম্প্ৰদায়ৰ লোকসকলক অৱহেলা কৰাটো কাৰো উচিত নহয় । যেতিয়ালৈকে তৃণমূল কংগ্ৰেছ থাকিব, মই কেতিয়াও হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান, অনুসূচিত জাতি-জনজাতিৰ মাজত বিভাজন হ'বলৈ নিদিম ।" মমতা বেনাৰ্জীয়ে মঙলবাৰে কয় ।

ৰাজনৈতিক পৰিমণ্ডলৰ বক্তব্যৰ পৰা এইটো স্পষ্ট যে যদিও মমতা বেনাৰ্জীয়ে ৰাম মন্দিৰৰ বিৰোধিতা নকৰে, কিন্তু তেওঁ ইয়াক লৈ হোৱা বিতৰ্ককো সমৰ্থন নকৰে ।

আনহাতে, মমতা বেনাৰ্জীয়ে মঙলবাৰৰ ভাষণত স্পষ্ট কৰি দিয়ে যে নিৰ্বাচনৰ পূৰ্বে ৰাম মন্দিৰ স্থাপন প্ৰকৃততে এক নিৰ্বাচনী কৌশল । তেওঁ ঘূৰাই-পকাই বুজাবলৈ চেষ্টা কৰে যে ৰাম মন্দিৰ নিৰ্মাণ কৰি থাকেঁতে আন সম্প্ৰদায়বোৰ প্ৰকৃততে অৱহেলিত হৈ আহিছে ।

উল্লেখ্য যে কেইদিনমান পূৰ্বে বিভিন্ন সূত্ৰৰ পৰা এক বাতৰি ওলাইছিল যে মমতা বেনাৰ্জীয়ে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত নাথেকে । কিন্তু মমতা বেনাৰ্জীয়ে যোৱা মাহত চকলা মন্দিৰ দৰ্শন কৰাৰ পূৰ্বে বিষয়টো এৰাই চলে । যদিও তেওঁ ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিবনে নাই সেয়া পোনপটীয়াকৈ কোৱা নাই, তেওঁ নিজৰ অভিপ্ৰায় স্পষ্ট কৰি দিয়ে ।

এইটো কোৱা বাহুল্য যে ৰাম মন্দিৰৰ উদ্বোধনক এক নিৰ্বাচনী কৌশল হিচাপে গ্ৰহণ কৰা মমতাই অনুষ্ঠানটোত অংশগ্ৰহণৰ পৰা এৰাই চলিব । এনে পৰিস্থিতিত পশ্চিমবংগৰ শাসকীয় দলে কি স্থিতি লয় সেয়া লক্ষণীয় হ'ব ।

উল্লেখ্য যে অযোধ্যাৰ ৰাম মন্দিৰ ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে উদ্বোধন কৰিব । অনুষ্ঠানটোত ৬,০০০ ৰো অধিক লোক উপস্থিত থাকিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :ৰাম মন্দিৰৰ বাবে ৩ দশকৰ মৌন ব্ৰত; উদ্বোধনৰ দিনা ভংগ কৰিব সৰস্বতী দেৱীয়ে

ABOUT THE AUTHOR

...view details