অসম

assam

By

Published : Dec 8, 2020, 1:47 PM IST

ETV Bharat / bharat

ভৱন নিৰ্মাণ যোজনাক চূড়ান্ত ৰূপ দিয়াৰ বাবে ৰাম মন্দিৰ নিৰ্মাণ কমিটীৰ চেষ্টা অব্যাহত

শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ এগৰাকী সদস্যই প্ৰকাশ কৰিছে যে, ভৱন নিৰ্মাণকাৰী বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি নিৰ্মাণ হ'বলগীয়া মন্দিৰৰ আধাৰশিলা যোজনাক চূড়ান্ত ৰূপ দিয়াৰ বাবে ৰাম মন্দিৰ নিৰ্মাণ কমিটীয়ে কাম কৰি আছে ।

ভৱন নিৰ্মাণ যোজনাক চূড়ান্ত ৰূপ দিয়াৰ বাবে ৰাম মন্দিৰ নিৰ্মাণ কমিটীৰ চেষ্টা অব্যাহত
ভৱন নিৰ্মাণ যোজনাক চূড়ান্ত ৰূপ দিয়াৰ বাবে ৰাম মন্দিৰ নিৰ্মাণ কমিটীৰ চেষ্টা অব্যাহত

নেশ্যনেল ডেস্ক, ৮ ডিচেম্বৰ: অনাগত দিনত নিৰ্মাণ হ'বলগীয়া মন্দিৰৰ আধাৰশিলা আঁচনিক চূড়ান্ত ৰূপ দিয়াৰ বাবে ৰাম মন্দিৰ নিৰ্মাণ কমিটীয়ে প্ৰয়াস অব্যাহত ৰাখিছে । ৰাম মন্দিৰ নিৰ্মাণ কমিটীৰ প্ৰধান নৃপেন্দ্ৰ মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা দুদিনীয়া বৈঠকৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ অন্তত এই কথা প্ৰকাশ কৰে শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ সদস্য অনিল মিশ্ৰই ।

সংবাদ মাধ্য়মৰ আগত অনিল মিশ্ৰই প্ৰকাশ কৰা মতে, ৰাম মন্দিৰ নিৰ্মাণ কমিটীয়ে লাৰ্ছেন আৰু টাৰ্ব' আৰু টাটা কনছাল্টিং ইঞ্জিনিয়াৰ্ছ লিমিটেডৰ বিশেষজ্ঞৰ সৈতে নিৰ্মাণকাৰ্যৰ প্ৰস্তুতি পৰ্যবেক্ষণ কৰাৰ লগতে সমগ্ৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে । বৈঠকৰ অংশস্বৰূপে মন্দিৰ নিৰ্মাণ কমিটীৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰই বিশেষজ্ঞ, শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ সদস্যৰ সৈতে মন্দিৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰে ।

নিৰ্মাণস্থলী পৰিদৰ্শন কৰা ট্ৰাষ্টৰ সদস্যসকলৰ ভিতৰত আছিল সম্পাদক চম্পট ৰায় আৰু ট্ৰাষ্টী গোভিন্দ দেৱ গিৰি আৰু ড০ অনিল মিশ্ৰ । নিৰ্মাণস্থলীৰ কেইফুটমান তলত বালি থকাৰ বিষয়েও আলোচনা কৰে আৰু অনিল মিশ্ৰই এয়া একো আশ্চৰ্যজনক কথা নহয় বুলি প্ৰকাশ কৰে । বালি মিহলি অৰ্থাৎ ঢিলা মাটি টান কৰিব পৰা যাব বুলি আশা প্ৰকট কৰিছে । নিৰ্মাণস্থলীৰ তলত থকা বালি মিহলি মাটিয়ে মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত বাধা আনিব বুলি প্ৰকাশ হোৱা প্ৰতিবেদনক ভুল আখ্যা দি ড০ মিশ্ৰই আগ্ৰাত যমুনা নদীৰ তীৰত থকা তাজমহলৰ উদাহৰণ দিয়ে ।

তেওঁ কয় যে, মাটিৰ তলত ঢিলা মাটি থকা পিছতো তাজমহলত আজিলৈকে কোনো ক্ষতি হোৱা নাই । আজিৰ বৈঠকত নিৰ্মাণ কমিটীৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰ আৰু আন সদস্যসকলে নিৰ্মাণ কাৰ্য সন্দৰ্ভত বিশেষজ্ঞৰ মতামত লয় বুলিও প্ৰকাশ কৰে ড০ অনিল মিশ্ৰই । ৰাম মন্দিৰ ১০০০ বছৰ পৰ্যন্ত একেদৰে শক্তিশালী হৈ থকাতো সুনিশ্চিত কৰিবলৈ বিশেষজ্ঞসকলে কাম কৰি আছে ।

লগতে পঢ়ক:কৃষক বিদ্ৰোহ, কৰ'ণা মহামাৰীৰ বাবে জন্মদিন পালন নকৰে ছোনিয়াই

ABOUT THE AUTHOR

...view details