অসম

assam

ETV Bharat / bharat

Ram Navami 2023 : ভগৱান ৰামৰ নামত ঋণ দিয়া বিশ্বৰ একমাত্ৰ বেংক - Ram Ramapati Bank in UP

উত্তৰ প্ৰদেশৰ বাৰাণসীত এটা বিশেষ বেংক আছে (Unique Bank in Varanasi)। আন বেংকতকৈ সম্পূৰ্ণ পৃথক এই বেংকটো । ভাৰতৰ লগতে বিদেশৰো গ্ৰাহক আছে এই বেংকৰ । পিছে এই বেংকৰ নামত টকা নিদিয়ে । গ্ৰাহকেও ঋণ পৰিশোধৰ নামত টকা দিব নালাগে । কিন্তু এই বেংকে ঋণৰ নামত আচলতে কি দিয়ে ?

Ram Navami 2023
ভগৱান ৰামৰ নামত ঋণ দিয়া বিশ্বৰ একমাত্ৰ বেংক

By

Published : Mar 30, 2023, 7:55 PM IST

নেশ্যনেল ডেস্ক,৩০ মাৰ্চ :বেংক বুলি ক'লে আমি সচৰাচৰ বিত্তীয় প্ৰতিষ্ঠান বুলিয়ে আমাৰ মনলৈ আহে । য'ৰ পৰা মানুহে বিভিন্ন বিত্তীয় সমস্যাৰ বাবে ঋণ বিচাৰি যায় । কিন্তু ভাৰতত এটা এনেকুৱা বেংক আছে যিটোত মানুহে টকা ধাৰলৈ বিচাৰি বা ঋণৰ বাবে নাযায় । তাত টকাৰ লেনদেন কৰাও নহয় । কেৱল মানুহৰ মনৰ কামনা পূৰণ কৰাৰ স্বাৰ্থত হে যায় । বেংকটোৱে হিন্দু ধৰ্মৰ ভগৱান ৰামৰ নামত হে ঋণ দিয়ে । সেই ঋণ আঠ মাহ আৰু দহ দিনৰ ভিতৰত গ্ৰাহকে পৰিশোধ কৰিব লাগে ।

আচৰিত যেন লাগিলেও এই বেংকটো আছে বাৰাণসীত । ভগৱান ৰামৰ নামত ঋণ দিয়া এই বেংকটোৰ নাম হৈছে ৰাম ৰমাপতি বেংক (Ram Ramapati Bank in UP)। ৰাম নৱমীৰ দিনটোতে বাবা সত্যৰাম দাসৰ নিৰ্দেশত দাস চানুলালে ১৯২৬ চনত ৰাম ৰমাপতি বেংকটো স্থাপন কৰিছিল । এই বেংকত এজন মেনেজাৰ, এজন একাউণ্টেণ্ট আৰু লাখ লাখ একাউণ্ট ধাৰক আছে ।

এই বেংকে প্ৰদান কৰা ৰঙা চিয়াহী আৰু কাগজত লোকসকলে ঠিক ১.২৫ লাখ বাৰ ভগৱান ৰামৰ নাম লিখে । এই কাগজবোৰ তেতিয়া সংশ্লিষ্ট ব্যক্তিৰ একাউণ্টত জমা কৰা হয় । বেংকটোৱে এইবছৰ ৰাম নৱমীত ৯৬ তম বৰ্ষপূৰ্তি পালন কৰিছে (96th anniversary of Ram Ramapati Bank)।

ইটিভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎকাৰত বেংকৰ মেনেজাৰ সুমিত মেহৰোত্ৰাই কয় যে তেওঁৰ ককাদেউতাকৰ ককাদেউতাক দাস চান্নু লালজীয়ে প্ৰায় ৯৬ বছৰ পূৰ্বে এই বেংকটো স্থাপন কৰিছিল । এই বেংকটোক বহু লোকে বাণিজ্যিক বেংকৰ দৰেই বুলি ধাৰণা কৰে । এই বেংকৰ বিষয়ে নজনা একাংশ লোকে ভাবে যে এই বেংকে তেওঁলোকক ঋণ প্ৰদান কৰে ।

কিন্তু এইটো এটা আধ্যাত্মিক বেংক (Spiritual Bank in Varanasi)। ইয়াত টকাৰ কোনো কাম নহয় । এই বেংকে কোনো আৰ্থিক লেনদেন গ্ৰহণ নকৰে । ভক্তসকলে তেওঁলোকৰ ইচ্ছা পূৰণৰ বাবে ঋণ লয় । ইয়াৰ পৰা ঋণ লোৱাৰ পাছত মানুহে তেওঁলোকৰ মনৰ কামনা পূৰণ কৰিব পাৰে বুলি তেওঁ উল্লেখ কৰে ।

মেনেজাৰ মেহৰোত্ৰাই লগতে কয় যে ৰাম ৰমাপতি বেংক হৈছে সমগ্ৰ বিশ্বৰ ভিতৰতে একমাত্ৰ এই ধৰণৰ বেংক । কেৱল ভাৰতৰে নহয় সমগ্ৰ বিশ্বৰ বিভিন্ন লোকে ইয়াৰ পৰা ঋণ লয় । বৰ্তমান বহু হাজাৰ কোটি ভগৱান ৰামৰ নাম লিখা কাগজ জমা আছে বেংকটোত ।

ৰাম নৱমী উপলক্ষে বহু লোকে একাউণ্ট খুলিবলৈ এই বেংকলৈ যায় । কিন্তু, ইয়াত একাউণ্ট খোলাৰ পাছত মানুহে কিছুমান নিয়ম অনুসৰণ কৰিব লাগে । বেংকে একাউণ্ট ধাৰকসকলক ৰঙা চিয়াহী আৰু কাঠেৰে তৈয়াৰ কৰা কলম প্ৰদান কৰে । ভক্তসকলে পুৱা ৪ বজাৰ পৰা পুৱা ৭ বজালৈ কেৱল ভগৱান ৰামৰ নাম লিখিব পাৰে । ৰাম নামটো ঠিক ১.২৫ লাখ বাৰ লিখিব লাগিব আৰু এই কামটো আঠ মাহ আৰু দহ দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব ।

এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ সময়ত, ভক্তসকলক পিঁয়াজ আৰু নহৰু থকা খাদ্য আৰু আমিষ খাদ্য খোৱাত বাধা দিয়া হয় । মেনেজাৰগৰাকীয়ে কোৱা মতে লাল বাহাদুৰ শাস্ত্ৰীৰ মাতৃ আৰু বলীউডৰ অভিনেতা শত্ৰুঘ্ন সিনহাৰ পৰিয়ালৰ সদস্যসকলেও এই বেংকৰ পৰা ঋণ লৈছিল ।

ভগৱান ৰামৰ এগৰাকী উৎসাহী ভক্ত আৰু ৰাম ৰমাপতি বেংকত একাউণ্ট থকা মীৰা দেৱী নামৰ মহিলাগৰাকীয়ে কয় যে ভগৱান ৰামে তেওঁক জীৱনত বহুত দিছে । তেওঁৰ মাতৃয়ে এই বেংকৰ পৰা ঋণ লোৱাৰ পাছত আৰু ভগৱান ৰামৰ নাম ১.২৫ লাখ বাৰ লিখাৰ পাছত তেওঁৰ জন্ম হৈছিল । আজিলৈকে, তেওঁ এই প্ৰক্ৰিয়াটো কমেও চাৰিবাৰ কৰিছে আৰু তেওঁৰ সকলো ইচ্ছা পূৰণ হৈছে । তেওঁ আৰু লিখিব বিচাৰে ।

লগতে পঢ়ক :Bank Holiday on Ramnavami : কোন কোন চহৰত বন্ধ বেংক ?

ABOUT THE AUTHOR

...view details