নেশ্যনেল ডেস্ক,১২ জানুৱাৰী :অহা ২২ জানুৱাৰীত মুকলি হ'ব অযোধ্যাৰ নৱনিৰ্মিত ৰাম মন্দিৰ । এই অভিষেক অনুষ্ঠানক লৈ দেশজুৰি ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । তাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ পূৰ্বে নিজৰ অনুভূতি ব্যক্ত কৰি এক আৱেগিক পোষ্ট শ্বেয়াৰ কৰে ।
প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে তেওঁ অযোধ্যাত অভিষেক অনুষ্ঠানৰ পূৰ্বে ১১ দিনীয়া এক বিশেষ ধৰ্মীয় অনুশীলন আৰম্ভ কৰিছে । এক সামাজিক মাধ্যমৰ পোষ্টটোত তেওঁ এই শুভ মুহূৰ্তৰ সাক্ষী হোৱাটো তেওঁৰ সৌভাগ্য বুলি অভিহিত কৰে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোষ্টটোত লিখিছে, "মই আৱেগিক । জীৱনত প্ৰথমবাৰৰ বাবে, মই এনে অনুভৱ অনুভৱ কৰিছো ।" প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে ঈশ্বৰে তেওঁক 'প্ৰাণ প্ৰতিষ্ঠা' অনুষ্ঠানৰ সময়ত সকলো ভাৰতীয়ক প্ৰতিনিধিত্ব কৰাৰ বাবে বাছনি কৰিছে আৰু এই কথা মনত ৰাখি তেওঁ বিশেষ ধৰ্মীয় অনুশীলন কৰি আছে । প্ৰধানমন্ত্ৰীয়ে লগতে দেশবাসীৰ পৰা আশীৰ্বাদো বিচাৰিছে ।