চিটাৰা ডেস্ক, 18 মাৰ্চ:দক্ষিণাত্য চলচ্চিত্ৰ উদ্যোগৰ ‘RRR’ ছবিয়ে সমগ্ৰ বিশ্বতে আধিপত্য বিস্তাৰ কৰিছে । ২০২৩ চনৰ ৯৫ সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত ছবিখনৰ ছুপাৰহিট গীত ‘নাটু-নাটুৱে শ্ৰেষ্ঠ মৌলিক গীতৰ শাখাত অস্কাৰ লাভ কৰে(Ram Charan)। এই বিজয়ৰ বাবেই সমগ্ৰ দেশতে বিজয়ৰ উল্লাস দেখিবলৈ পোৱা গৈছে । একে সময়তে অস্কাৰ বিজয়ী ‘RRR’ৰ সমগ্ৰ দলটোৱে এতিয়া দেশলৈ উভতি আহি উষ্ম আদৰণি লাভ কৰিছে(Amit Shah and Ram Charan)।
স্বদেশত উপস্থিত হোৱাৰ পাচত অভিনেতা ৰাম চৰণে গৃহ চহৰ হায়দৰাবাদলৈ যোৱাৰ পূৰ্বে ৰাজধানী চহৰত উপস্থিত হয়, য’ত তেওঁক উষ্ম আদৰণি জনোৱা হয় । ৰাম চৰণেও দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে(Amit Shah meets Ram Charan)।
গৃহমন্ত্ৰীয়ে ৰাম চৰণক প্ৰশংসা কৰে
এই সাক্ষাৎকাৰৰ ফটো গৃহমন্ত্ৰীগৰাকীয়ে নিজৰ টুইটাৰ একাউণ্টত শ্বেয়াৰ কৰি RRR ছবিখনৰ বাবে ৰাম চৰণক প্ৰশংসা কৰে । গৃহমন্ত্ৰীয়ে লিখে যে, ‘ভাৰতীয় চিনেমাৰ দুই কিংবদন্তি চিৰঞ্জীৱ আৰু ৰাম চৰণক সাক্ষাৎ কৰি ভাল লাগিল, তেলেগু চলচ্চিত্ৰ উদ্যোগৰ ভাৰতীয় সংস্কৃতি আৰু অৰ্থনীতিত উল্লেখযোগ্য অৱদান আছে, নাটু-নাটু গীতৰ বাবে অস্কাৰ লাভ কৰাৰ বাবে ৰাম চৰণক অভিনন্দন জনায় লগতে ছবি RRRৰ বাবেও শুভেচ্ছা থাকিল(Ram Charan Chiranjeevi Meets Amit Shah)।
ৰাম চৰণেও ধন্যবাদ জ্ঞাপন কৰে
‘আৰ আৰ আৰ’ৰ অভিনেতা ৰাম চৰণে গৃহমন্ত্ৰীৰ টুইটটো ৰিটুইট কৰি ধন্যবাদ জনাই লিখিছে, ‘শ্ৰদ্ধাৰ গৃহমন্ত্ৰী অমিত শ্বাহক লগ পাই মই অভিভূত হ'লো, আৰ আৰ আৰ চিনেমাৰ শলাগ লোৱাৰ বাবে ধন্যবাদ ছাৰ’। উল্লেখযোগ্য যে, ‘আৰ আৰ আৰ’ মুক্তি পাইছিল ২০২২ চনৰ ২৫ মাৰ্চত । এই ছবিখনে বিশ্বজুৰি ১১৫০ কোটিতকৈও অধিক উপাৰ্জন কৰিছিল । এই ছবিখনক অৱতাৰৰ পৰিচালক জেমছ কেমেৰনেও প্ৰশংসা কৰিছিল । একে সময়তে হলীউডৰ প্ৰবীণ পৰিচালক ষ্টিফেন স্পিলবাৰ্গেও ৰাজামৌলিৰ এই কামৰ শলাগ লৈছিল(Ram Charan and Amit Shah)।
লগতে পঢ়ক:Vikramaditya Motwanes Jubilee: কেতিয়া মুক্তি লাভ কৰিব বিক্ৰমাদিত্য মটৱানেৰ জুবলী ? জনালে নিৰ্মাতাসকলে