নেশ্যনেল ডেস্ক, ২২ আগষ্ট :ভাৰতীয় আৰু হিন্দু ধৰ্মৰ বিশেষ পৰম্পৰা অনুসৰি দেশজুৰি পালন কৰা হয় ৰাখীবন্ধন (Rakshabandhan) । ভাতৃ-ভগ্নীৰ বাবে উছৰ্গিত এই বিশেষ দিনটোতে নিজ ভগ্নী প্ৰিয়ংকা গান্ধীক শুভেচ্ছা জনালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে (Rahul Gandhi) । ৰাখীবন্ধনৰ শুভেচ্ছা জনাই ৰাহুল গান্ধীয়ে কয় যে তেওঁৰ জীৱনত ভগ্নী প্ৰিয়ংকাৰ এক বিশেষ স্থান আছে ।
ৰাহুল গান্ধীৰ জীৱনত বিশেষ স্থান দখল কৰিছে ভগ্নী প্ৰিয়ংকাই তেওঁ লগতে কয় যে দুয়োগৰাকীয়ে ইজনে সিজনৰ বন্ধু আৰু ৰক্ষক । ফেচবুকত ভগ্নী প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ (Priyanka Gandhi Vadra) সৈতে এখন ফটো শ্বেয়াৰ কৰি কংগ্ৰেছ নেতাগৰাকীয়ে সকলোকে ৰাখীবন্ধনৰ শুভেচ্ছা জনায় । ৰাহুল গান্ধীৰ পোষ্টটোৰ পাছতে প্ৰিয়ংকা গান্ধীয়েও বিশেষ দিনটোত সকলোকে শুভেচ্ছা জনাই ।
ৰাহুল গান্ধীৰ সৈতে এখন বিশেষ ফটো শ্বেয়াৰ কৰি প্ৰিয়ংকাই কামনা কৰে যাতে সকলো ভাতৃ-ভগ্নীয়ে তেওঁলোক দুগৰাকীৰ দৰে ইজনে সিজনৰ লগত মৰম আৰু হাঁহি আনন্দৰ মাজত থাকে ।
ৰাহুল গান্ধীৰ জীৱনত বিশেষ স্থান দখল কৰিছে ভগ্নী প্ৰিয়ংকাই উল্লেখ্য যে, ভাতৃ-ভগ্নীৰ মাজত পালন কৰা এই বিশেষ দিনটোত হিন্দু ধৰ্মৰ নিয়ম অনুসৰি ভাতৃসকলৰ সুৰক্ষা আৰু দীৰ্ঘায়ু কামনাৰে ভনীয়েকসকলে ভায়েকৰ হাতত ৰক্ষাকবচ হিচাপে এডাল সূতা বান্ধে ৷ যাক ৰাখী বুলি কোৱা হয় ৷ ইয়াৰ বিনিময়ত ভাতৃয়ে ভনীয়েক বা বায়েকক উপহাৰ প্ৰদান কৰে ৷ এই উপহাৰৰ সৈতে অন্তৰ্নিহিত হৈ থাকে ভনীয়েকক আজীৱন সুৰক্ষিত কৰি ৰখাৰ প্ৰতিশ্ৰুতি ৷
লগতে পঢ়ক :ৰাজনৈতিক নেতাই অধিকাৰ কৰিলে ৰাখীৰ বজাৰ !