নিউজ ডেস্ক, 22 আগষ্ট :আজি ভাতৃ-ভগ্নীৰ চেনেহৰ পাৰ্বণ ৰাখীবন্ধন ৷ হিন্দু ধৰ্মত ভাতৃসকলৰ সুৰক্ষা আৰু দীৰ্ঘায়ু কামনাৰে ৰাখীবন্ধনৰ দিনটোত ভনীয়েকসকলে ভায়েকৰ হাতত ৰক্ষাকবচ হিচাপে এডাল সূতা বান্ধে ৷ ইয়াৰ বিনিময়ত ভাতৃয়ে ভনীয়েক বা বায়েকক উপহাৰ প্ৰদান কৰে ৷ এই উপহাৰৰ সৈতে অন্তৰ্নিহিত হৈ থাকে ভনীয়েকক আজীৱন সুৰক্ষিত কৰি ৰখাৰ প্ৰতিশ্ৰুতি ৷
সংস্কৃতত ‘ৰক্ষাবন্ধন’ৰ অৰ্থ হ’ল ‘সুৰক্ষাৰ বন্ধন’ ৷ বিংশ শতিকাৰ মাজভাগলৈকে, একে ধৰণৰ ৰীতি-নীতি সচৰাচৰ প্ৰয়োগ কৰা হৈছিল ৷ প্ৰাচীন হিন্দু গ্ৰন্থত এই দিনটোতে ৰাখীবন্ধনৰ সৈতে সামঞ্জস্য থকা এক উৎসৱ অনুষ্ঠিত হৈছিল, য'ত এজন ঘৰুৱা পুৰোহিতে তেওঁৰ পৃষ্ঠপোষকসকলৰ মণিবন্ধত তাবিজ বা সূতা বান্ধে ৷ ইয়াৰ বিনিময়ত তেওঁ ধন আৰু উপহাৰ লাভ কৰে ৷ কিছুমান ঠাইত, এতিয়াও এই উৎসৱ পালন কৰা হয় ৷
ৰক্ষাবন্ধনৰ সৈতে ইতিহাসৰ বহু কাহিনী জড়িত হৈ আছে ৷ প্ৰায় 1535 খ্ৰীষ্টাব্দত চিতোৰৰ ৰাণী কৰ্ণৱতীয়ে ৰজাৰ মৃত্যুৰ পিছত উপলব্ধি কৰিছিল যে, তেওঁ অকলে গুজৰাটৰ চুলতান বাহাদুৰ শ্বাহৰ আগ্ৰাসন ৰোধ কৰিব নোৱাৰে ৷ ৰাণীয়ে নিজৰ সুৰক্ষাৰ বাবে বাদশ্বাহ হুমায়ুনলৈ ৰাখী প্ৰেৰণ কৰে ৷