নিউজ ডেস্ক, ৩০ আগষ্ট:ভাতৃ-ভগ্নীৰ অটুট সম্পৰ্কৰ দিন ৰাখী বন্ধন ৷ ৰাখী ডালতেই লুকাই থাকে ভগ্নীৰ মৰম, চেনেহ, ভালপোৱাৰ লগতে ভাতৃৰ মংগলকামনা । ভাতৃয়ে ভগ্নীৰ ৰাখী পিন্ধি আজীৱন ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । ৰাজস্থানৰ এগৰাকী ৰিক্সাচালকে ভাই-ভনীৰ মাজৰ বন্ধন এই দিনটো অনন্য ৰূপত উদযাপন কৰে । প্ৰয়াত ভগ্নীৰ স্মৃতিত তেওঁ এই দিনটোত মহিলা যাত্ৰীসকলক বিনামূলীয়াকৈ যাত্ৰাৰ ব্যৱস্থা কৰে ।
পবিত্ৰ শ্ৰৱণ মাহত অহা ৰাখী বন্ধনৰ দিনা ৰাজস্থান চৰকাৰে মহিলাসকলক ৰাজস্থান ৰাজ্যিক পথ পৰিবহণ নিগমৰ বাছত বিনামূলীয়াকৈ যাত্ৰা কৰাৰ অনুমতি দিয়ে । ৰাজ্য চৰকাৰৰ বাবে বিনামূলীয়াকৈ যাত্ৰা দিয়াটো হয়তো ডাঙৰ কথা নহ’বও পাৰে, কিন্তু বিগত সাত বছৰে এই কাম কৰি অহা অটো চালক ধনৰাজ দাধিচৰ বাবে সেয়া প্ৰশংসনীয় । ধনৰাজ দাধিচে ইটিভি ভাৰতক জনোৱা মতে, তেওঁৰ ভগ্নী ‘বেবী’ৰ ২২ বছৰ পূৰ্বে মৃত্যু হয় ।
"তাই মোৰ একমাত্ৰ ভগ্নী আছিল । হাৰ্ট এটেকত তাইৰ মৃত্যু হৈছিল । মই এই ৰিক্সাখন সাত বছৰ আগতে কিনিছিলো আৰু সিদ্ধান্ত লৈছিলো যিহেতু মোৰ এতিয়া ভগ্নী নাই, গতিকে মই যোধপুৰৰ সকলো ভগ্নীক এই দিনটোত প্ৰতি বছৰে বিনামূলীয়া সেৱা আগবঢ়াম ।" ধনৰাজ দাধিচে কয় ৷ তেওঁ লগতে কয়, এই দিনটোত মই মোৰ ভগ্নীক আৰু বেছি মিছ কৰো । গতিকে শ্ৰদ্ধাঞ্জলি হিচাপে ৰাখী বন্ধন উপলক্ষে সকলো ভগ্নীৰ বাবে পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ বিনামূলীয়া অটো সেৱা আগবঢ়াইছো ।