অসম

assam

By

Published : Aug 22, 2021, 1:51 PM IST

ETV Bharat / bharat

ৰাজনৈতিক নেতাই অধিকাৰ কৰিলে ৰাখীৰ বজাৰ !

এইবাৰ কলকাতাৰ বজাৰ দখল কৰিছে ‘দিদি ৰাখী’ আৰু ‘মোডী ৰাখী’য়ে ৷ ‘আজাদী কা অমৃত মহোৎসৱ’ৰ সৈতে সংগতি ৰাখি বজাৰত উপলব্ধ হৈছে ত্ৰিৰংগা ৰাখী ৷

Rakhis in Kolkata markets have political touch this time
কলকাতাৰ ৰাখিৰ বজাৰত ৰাজনৈতিক স্বাদ

নেশ্যনেল ডেস্ক, 22 আগষ্ট : কলকাতাৰ ৰাখীৰ বজাৰত এইবাৰ দেখিবলৈ পোৱা গৈছে ৰাজনীতিৰ স্বাদৰ সমাহাৰ ৷ প্ৰধানমন্ত্ৰী মোডী আৰু মমতা বেনাৰ্জীৰ ফটো সম্বলিত ৰাখীৰে এইবাৰ ভৰি পৰিছে কলকাতাৰ বজাৰ ৷ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ছবি সম্বলিত ৰাখীসমূহক নাম দিয়া হৈছে ‘দিদি ৰাখী’ ৷ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফটো সম্বলিত ৰাখীয়েও যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে ৰাজ্যখনৰ বজাৰত ৷

কেৱল নেতাৰ ফটো সম্বলিত ৰাখীয়েই নহয়, এইবাৰ কলকাতাৰ ৰাখীৰ বজাৰ তৃণমূলৰ প্ৰতীকী চিহ্ন ‘জোধা ফুল’ আৰু বিজেপিৰ প্ৰতীকী চিহ্ন ‘পদুম’ ৰাখীও উপলব্ধ হৈছে ৷ শ্ৰাৱণী ভট্টাচাৰ্য নামৰ এগৰাকী ক্ৰেতাই মোডীৰ ছবি সম্বলিত ৰাখী ক্ৰয় কৰি কয়, ‘এইবাৰ আমি মোডী ৰাখী ক্ৰয় কৰিছো ৷ কিয়নো মোডীজীয়ে আমাৰ দেশৰ বাবে যথেষ্ট ভাল কাম কৰিছে ৷ তেওঁক লৈ আমি গৰ্বিত ৷ মমতা দিদিয়েও বেংগলৰ বাবে যথেষ্ট কাম কৰিছে যদিও মোডীজী মোৰ প্ৰিয় ৷’

আনহাতে, এগৰাকী ব্যৱসায়ীয়ে জনোৱা অনুসৰি ‘আজাদী কা অমৃত মহোৎসৱ’ৰ বাবেই এইবেলি ত্ৰিৰংগা ৰাখী বজাৰত উপলব্ধ হৈছে ৷ এইবাৰ আজাদী কা অমৃত মহোৎসৱ আৰু ৰাখীবন্ধন একেলগে পৰিছে ৷ ইয়াৰ বাবেই ৰাখী বিক্ৰেতাসকলে ত্ৰিৰংগা ৰাখী বিক্ৰী কৰিছে ৷ কেৱল এয়াই নহয় এইবাৰ অভিনন্দন ৰাখীও উপলব্ধ হৈছে বজাৰত ৷

লগতে পঢ়ক :জনা-নজনা : হেৰ’ইনক কাঁহৰ ঔষধ হিচাপে পৰামৰ্শ চিকিৎসকৰ

ABOUT THE AUTHOR

...view details