নেশ্যনেল ডেস্ক,১৩ জুন :শেহতীয়াকৈ টুইটাৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া জেক ডৰ্ছিয়ে দাবী কৰিছে যে কৃষকসকলৰ প্ৰতিবাদ আৰু চৰকাৰৰ সমালোচনা কৰা একাউণ্টসমূহ বন্ধ কৰিবলৈ ভাৰতে টুইটাৰক বহুতো অনুৰোধ জনাইছিল । আনকি টুইটাৰক বিভিন্ন ধৰণে ভাবুকিও প্ৰদান কৰিছিল ভাৰতে । প্ৰাক্তন বিষয়াগৰাকীৰ এই মন্তব্যৰ পাছতে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
কৃষক নেতা ৰাকেশ টিকাইটে প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া জেক ডৰ্ছিৰ সমৰ্থনত এইবাৰ টুইট কৰিছে । টিকাইটে কয় যে কৃষকসকলৰ প্ৰতিবাদৰ সময়ত মাইক্ৰ'ব্লগিং ছাইটটোক ভাৰতে হেঁচা প্ৰয়োগ কৰিছিল আৰু তেওঁলোকৰ ওচৰত তথ্য আছে যে প্ৰতিবাদটোৱে আশা কৰা ধৰণে সামাজিক মাধ্যমত প্ৰাধান্য পোৱা নাছিল ।
উল্লেখ্য যে দুবছৰ পূৰ্বে ৩ খন বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে কৃষকসকলৰ প্ৰতিবাদৰ সময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা টিকাইটে অভিযোগ কৰিছে যে চৰকাৰে স্থানীয় পৰ্যায়ত প্ৰতিবাদ বন্ধ কৰিবলৈ চেষ্টা কৰিছিল । ডৰ্ছিয়ে এতিয়া বিষয়টো সঠিকভাৱে আঙুলিয়াই দিছে । টিকাইটৰ মতে যেতিয়াই চৰকাৰে কোনো চাপৰ সন্মুখীন হয় তেতিয়াই এনে কোম্পানীবোৰ বন্ধ কৰিবলৈ চেষ্টা কৰে । ভাৰত চৰকাৰে নিশ্চয় এনে ধৰণৰ প্ৰয়াস কৰিছিল ।