অসম

assam

ETV Bharat / bharat

কৃষক বিদ্ৰোহঃ সংসদ ভৱনলৈ সমদল উলিওৱাৰ হুংকাৰ ৰাকেশ টিকেইটৰ - ৰাকেশ টিকেইটৰ

কেন্দ্ৰীয় চৰকাৰে তিনিখন কৃষি আইন বাতিল নকৰিলে সংসদ ভৱনলৈ বিশাল ট্ৰেক্টৰ ৰেলী উলিওৱাৰ হুংকাৰ দিলে কৃষক নেতা ৰাকেশ টিকেইটে । ৪০ লাখ ট্ৰেক্টৰ লৈ কৃষকে ৰেলীত অংশ ল'ব বুলিও মন্তব্য কৰে কৃষক নেতাগৰাকীয়ে ।

কৃষি আইন বাতিল নকৰিলে সংসদ ভৱনলৈ সমদল উলিওৱাৰ হুংকাৰ ৰাকেশ টিকেইটৰ
কৃষি আইন বাতিল নকৰিলে সংসদ ভৱনলৈ সমদল উলিওৱাৰ হুংকাৰ ৰাকেশ টিকেইটৰ

By

Published : Feb 24, 2021, 4:04 PM IST

নেশ্যেনেল ডেস্ক, ২৪ ফেব্ৰুৱাৰী: কৃষকৰ প্ৰতিবাদৰ পিছতো কেন্দ্ৰীয় চৰকাৰে কৃষি আইন বাতিল নকৰাত এই সংসদ ভৱনলৈ ট্ৰেক্টৰ ৰেলী উলিওৱাৰ হুংকাৰ দিলে কৃষক নেতাই । মঙলবাৰে ৰাজস্থানৰ চিকাৰত আয়োজন কৰা কৃষকৰ প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি ভাৰতীয় কৃষক ইউনিয়নৰ নেতা ৰাকেশ টিকেইটে কয় যে, তিনিওখন কৃষি আইন যদি বাতিল কৰা নহয়, তেন্তে ৪০ লাখ ট্ৰেক্টৰ লৈ কৃষকে সংসদ ভৱনলৈ ৰেলী উলিয়াব ।

এই ৰেলী আয়োজন কৰাৰ পূৰ্বে তেওঁলোকে চৰকাৰক অৱগত কৰাব বুলিও মন্তব্য কৰে কৃষক নেতাগৰাকীয়ে । তেওঁ লগতে দাবী জনায় যে, কৃষকসকলৰ বাবে নূন্যতম সমৰ্থন মূল্য নিশ্চিত কৰি এখন নতুন আইন প্ৰণয়ন কৰা উচিত । যোৱা ১৮ ফেব্ৰুৱাৰীত হাৰিয়ানাৰ খাৰক পুনিয়াত অনুষ্ঠিত মহাপঞ্চায়তত ৰাকেশ টিকেইটে কয় যে, কেন্দ্ৰই যদি নতুন কৃষি আইনৰ বিৰুদ্ধে তেওঁলোকে জনোৱা দাবীৰ সৈতে সন্মত নহয়, তেন্তে প্ৰতিবাদী কৃষকসকলে পশ্চিমবংগতো প্ৰতিবাদৰ জোৱাৰ আনিব ।

পিছদিনা তেওঁ এই কথাৰ পুনৰাবৃত্তি কৰি কয় যে, পশ্চিমবংগলৈ ট্ৰেক্টৰ ৰেলী উলিওৱা সন্দৰ্ভত আলোচনা অব্যাহত আছে । আনহাতে, কৃষক নেতা তথা সমাজকৰ্মী যোগেন্দ্ৰ যাদৱে কয় যে, নতুন কৃষি আইনৰ বাবে কৃষকসকলৰ ক্ষতি হ'ব, কিয়নো চৰকাৰে তেওঁলোকৰ শস্য ক্ৰয় নকৰিব । উল্লেখ্য যে, যোৱা ২৬ জানুৱাৰীত দিল্লীত কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল । একাংশ প্ৰতিবাদকাৰীয়ে বেৰিকেড ভাঙি দিল্লীৰ কেইবাটাও পথত প্ৰৱেশ কৰি ৰাজহুৱা আৰু ব্যক্তিগত সম্পত্তিৰ ক্ষতিসাধন কৰিছিল ।

দিল্লী আৰক্ষীয়ে মুঠ ২২ খন এজাহাৰ দাখিল কৰিছিল । কৃষকসকলে বিগত বৰ্ষৰ ২৬ নৱেম্বৰৰ পৰা ফাৰ্মাৰ্ছ প্ৰডিউচ ট্ৰেড এণ্ড কমাৰ্চ আইন, এগ্ৰীমেণ্ট অন প্ৰাইচ এণ্ড ফাৰ্ম ছাৰ্ভিচ আইন আৰু দ্য এছেনচিয়েল ক'ম'ডিটিজ আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ।

লগতে পঢ়ক:হাউলীত সতীয়া পিতৃৰ কামনাৰ বলি নাবালিকা

ABOUT THE AUTHOR

...view details