নিউজ ডেস্ক, ২ জুন :প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলক সমৰ্থন জনোৱা কৃষক নেতাসকলে ভাৰতীয় কুস্তি ফেডাৰেচনৰ (Wrestling Federation of India, WFI) মুৰব্বী তথা বিজেপি সাংসদ ব্ৰীজ ভূষণ চৰণ সিঙক গ্ৰেপ্তাৰ কৰিবলৈ কেন্দ্ৰক সাত দিনৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে (Rakesh Tikait Ultimatum to Arrest WFI Chief) । লগতে ব্ৰীজ ভূষণ সিঙক গ্ৰেপ্তাৰ নকৰিলে তেওঁলোকে ৯ জুনত পঞ্চায়তৰ ৰূপত দেশজুৰি প্ৰতিবাদ আৰম্ভ কৰাৰো ভাবুকি দিয়ে (sexual harassment against Brij Bhushan) ।
ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকায়েটে (Bharatiya Kisan Union leader Rakesh Tikait) কয় যে চৰকাৰে মল্লযোদ্ধাসকলৰ অভিযোগবোৰ সমাধান কৰাৰ লগতে ব্ৰীজ ভূষণক গ্ৰেপ্তাৰ কৰাৰ সময় আহি পৰিছে । অন্যথা কৃষক নেতাসকলে মল্লযোদ্ধাসকলৰ সৈতে ৯ জুনত দিল্লীৰ যন্তৰ-মন্তৰলৈ যাব আৰু সমগ্ৰ দেশতে পঞ্চায়ত অনুষ্ঠিত হ'ব । টিকায়েটে এনেদৰে কয় । "আমি এটা সিদ্ধান্ত লৈছোঁ যে চৰকাৰে ব্ৰীজ ভূষণ সিঙক গ্ৰেপ্তাৰ কৰিব লাগিব । অন্যথা বৃহত্তৰ প্ৰতিবাদৰ সন্মুখীন হ'বলৈ সাজু থাকিব লাগিব । এতিয়া চৰকাৰে কি সিদ্ধান্ত লয় তেওঁলোকক সেয়া ল'ব দিয়ক।" তেওঁ লগতে কয় (wrestlers protest against WFI president) ।
ইয়াৰ পূৰ্বে কৃষক নেতাসকলে উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু পঞ্জাবৰ খাপ মহা পঞ্চায়ত অনুষ্ঠিত কৰি মল্লযোদ্ধাসকলৰ সৈতে একাত্মতা প্ৰকাশ কৰে আৰু এই সন্দৰ্ভত গ্ৰহণ কৰিবলগা পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰে ।