নিউজ ডেস্ক, 15 ডিচেম্বৰ: বৃহস্পতিবাৰে পুৱা ১১ বজাৰ পৰা উপাধ্যক্ষ হৰিবংশৰ অধ্যক্ষতাত ৰাজ্যসভাৰ অধিৱেশন আৰম্ভ হয় (Parliament winter session)। চৰকাৰে তদন্তকাৰী সংস্থাসমূহৰ অপব্যৱহাৰৰ অভিযোগকে ধৰি কেইবাটাও বিষয়ত অধ্যক্ষই স্থগিত ৰখাৰ জাননী অস্বীকাৰ কৰাৰ পিছত বিৰোধী সদস্যসকলে হুলস্থুলৰ সৃষ্টি কৰাত তিনিবাৰকৈ ৰাজ্যসভাৰ কাৰ্যবিধি ব্যাহত হৈ পৰে ।
প্ৰথম ঘণ্টাত ১৫ মিনিটকৈ তিনিবাৰ সদন স্থগিত ৰাখিবলগীয়া হয় । কাগজ-পত্ৰ বিতৰণৰ কিছু সময়ৰ পাছতে বিৰোধী দলৰ সদস্যসকলে তেওঁলোকৰ স্থগিতাদেশৰ জাননী কিয় লোৱা নহ’ল সেই সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰি বিভিন্ন বিষয়ত আলোচনাৰ দাবী জনায় । ইয়াৰ ফলত হুলস্থুলৰ সৃষ্টি হয় আৰু তাৰ পিছত উপাধ্যক্ষ হৰিবংশে সদন স্থগিত ৰাখে (Rajya Sabha Session)।
তদন্তকাৰী সংস্থাৰ অপব্যৱহাৰ, উচ্চ ন্যায়পালিকাৰ নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰৰ হস্তক্ষেপ, কৃষকৰ উদ্বেগ আৰু অন্যান্য বিষয়ৰ উপৰিও ভাৰত-চীনৰ সংঘাতৰ ওপৰত অধিবেশনত আলোচনাৰ দাবী জনাই আহিছে বিৰোধীয়ে (Rajya Sabha Session 2022) ৷
তিনিবাৰকৈ সদন স্থগিত ৰখাৰ পিছত অধিবেশন পুনৰ আৰম্ভ হয় দিনৰ 12 বজাত ৷ কংগ্ৰেছ সাংসদ ৰাজীৱ শুক্লাই কেইবাটাও বিষয়ক লৈ প্ৰশ্ন তোলে ৷
ৰাজীৱ শুক্লাৰ প্ৰশ্ন-
নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ সংখ্যা বৃদ্ধিৰ বাবে কোন দায়ী ? গোচৰৰ পেণ্ডেন্সিৰ সংকট সমাধানৰ বাবে মন্ত্ৰালয়ৰ হাতত কি ৰোডমেপ আছে ? NJAC বিল পুনৰুজ্জীৱিত কৰাৰ পৰিকল্পনা কৰিছে নেকি চৰকাৰে ?
কেন্দ্ৰীয় আইনমন্ত্ৰী কিৰেণ ৰিজিজুৰ উত্তৰ-
বিচাৰধীন গোচৰসমূহ ৫ কোটিৰ সীমাৰ ওচৰ চাপিছে, যিটো সঁচাকৈয়ে শংকাজনক । ইয়াৰ আঁৰৰ মূল কাৰণ হৈছে ন্যায়াধীশ নিযুক্তি । ২০১৫ চনত সংসদে ৰাষ্ট্ৰীয় ন্যায়িক নিযুক্তি আয়োগ (এনজেএচি) সংখ্যাগৰিষ্ঠতাৰে গৃহীত কৰিছিল যদিও অতি সোনকালে ইয়াক বাতিল কৰিছিল । সংবিধান অনুসৰি ন্যায়াধীশ নিযুক্তি বহুলাংশে চৰকাৰৰ দায়িত্ব, যিটো এতিয়ালৈকে মানি চলা হোৱা নাই । তাত আমাৰ ভূমিকা সীমিত । আমি পেণ্ডেন্সি হ্ৰাস কৰাৰ চেষ্টা কৰিছো । কিন্তু কলেজিয়াম নিযুক্তিৰ সমস্যাটো সমাধান কৰিবলৈ আদালতৰ সৈতে পৰামৰ্শ ল’ব লাগিব । এনজেএচি বিল পুনৰুজ্জীৱিত কৰিব পৰা যাব নে নাই ক’ব নোৱাৰো, এই বিষয়ে আলোচনা কৰি সিদ্ধান্ত ল’ব লাগিব ৷
তিৰুচি শিৱ, ডি এম কে সাংসদ, তামিলনাডু
প্ৰশ্ন :ন্যায়াধীশ নিযুক্তিৰ ক্ষেত্ৰত কোনো সংৰক্ষণ নাই, আৰু ন্যায়পালিকাত অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অ’বিচিৰ প্ৰতিনিধিত্ব নাই । ইয়াৰ বাবে কেন্দ্ৰই কি কৰিছে আৰু ন্যায়পালিকাৰ অনুসূচিত জাতি-জনজাতি আৰু অ’বিচিৰ ন্যায়াধীশৰ ব্ৰেক-আপৰ সবিশেষ মন্ত্ৰীয়ে দাখিল কৰিব পাৰিবনে ?
কিৰেণ ৰিজিজুৰ উত্তৰ-