অসম

assam

ETV Bharat / bharat

ৰাজ্যসভাত গৃহীত নাৰিকল উন্নয়ন ব'ৰ্ড(সংশোধনী) বিধেয়ক ২০২১ - পেগাচাছ

আলোচনা অবিহনে বৰ্ষাকালীন অধিৱেশনৰ সময়ত উচ্চ সদনত গৃহীত নাৰিকল উন্নয়ন ব'ৰ্ড (সংশোধনী) বিধেয়ক, ২০২১ । পৰিষদৰ বৰ্তমানৰ চাৰিগৰাকী সদস্যৰ উপৰিও, কেন্দ্ৰই দুজন সদস্যক মনোনীত কৰিব । এই বিধেয়কৰ জৰিয়তে পৰিষদক বিদেশতো কাৰ্যকলাপ কৰিবলৈ অনুমতি দিয়া হৈছে ।

Coconut Development Board
ৰাজ্যসভাত গৃহীত নাৰিকল উন্নয়ন ব'ৰ্ড সংশোধনী বিধেয়ক

By

Published : Jul 30, 2021, 10:18 PM IST

নেশ্যনেল ডেস্ক, ৩০ জুলাই : তীব্ৰ বাক বিতণ্ডাৰ মাজতে ৰাজ্যসভাত (Rajya Sabha) গৃহীত হ'ল নাৰিকল উন্নয়ন ব'ৰ্ড (সংশোধনী) বিধেয়ক, ২০২১ (Coconut Development Board Amendment Bill)। এইখন হৈছে আলোচনা অবিহনে বৰ্ষাকালীন অধিৱেশনৰ সময়ত উচ্চ সদনত গৃহীত চতুৰ্থখন বিধেয়ক । কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে বিধেয়কখন বিবেচনাৰ বাবে উত্থাপন কৰে আৰু ওড়িশাৰ বিজু জনতা দলৰ (BJD) সাংসদ মুজিবুল্লা খানে উপকূলীয় অঞ্চলসমূহক প্ৰাথমিকতা দিয়াৰ দাবী উত্থাপন কৰে । বিশেষকৈ ওড়িশাক লক্ষ্য কৰি ৰাজ্যখনৰ পৰা নাৰিকল উন্নয়ন ব'ৰ্ডত স্থায়ী সদস্য নিযুক্তি দিয়াৰো দাবী উত্থাপন কৰে সাংসদগৰাকীয়ে ।

সূত্ৰৰ মতে, নাৰিকল উন্নয়ন ব'ৰ্ড আইন, ১৯৭৯ সংশোধন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল যাতে এই খণ্ডত উৎপাদন বৃদ্ধি কৰাৰ বাবে অধ্যক্ষ অ-কাৰ্যবাহী পদ আৱণ্টন কৰিব পৰা যায় । কাৰ্যবাহী ক্ষমতাৰ বাবে এজন চিইঅ' (CEO) নিযুক্ত কৰা হ'ব আৰু এই ক্ষেত্ৰৰ অভিজ্ঞতা থকা সকলক দায়িত্ব দিয়া হ'ব । পৰিষদৰ বৰ্তমানৰ চাৰিগৰাকী সদস্যৰ উপৰিও, কেন্দ্ৰই দুজন সদস্যক মনোনীত কৰিব । এই বিধেয়কৰ জৰিয়তে পৰিষদক বিদেশতো কাৰ্যকলাপ কৰিবলৈ অনুমতি দিয়া হৈছে ।

শেহতীয়াভাৱে ফেক্টৰিং ৰেগুলেশ্যন (সংশোধনী) বিধেয়ক, ২০২১ (Factoring Regulation Amendment Bill), কিশোৰ ন্যায় (সংশোধনী) বিধেয়ক, ২০২১ (Juvenile Justice Amendment Bill), মেৰিন এইডছ টু নেভিগেচন সংশোধনী বিধেয়ক (Marine Aids to Navigation Bill) ৰাজ্যসভাত আলোচনা অবিহনে গৃহীত কৰা হৈছিল । উল্লেখ্য যে বৰ্ষাকালীন অধিৱেশনখন ১৩ আগষ্টত সমাপ্ত হ'ব । জানিব পৰা মতে এই অধিৱেশনত মুঠ ২৮ খন বিধেয়ক বিবেচনা আৰু গৃহীত কৰাৰ বাবে লোৱা হ'ব । ইফালে অধিৱেশনৰ আৰম্ভণিৰে পৰা পেগাচাছ (Pegasus) প্ৰসংগকলৈ উত্তাল হৈ আছে উচ্চ সদন ।

লগতে পঢ়ক :মেডিকেল কলেজত সংৰক্ষিত আসনৰ সংখ্যা বৃদ্ধি

ABOUT THE AUTHOR

...view details