অসম

assam

ETV Bharat / bharat

সুস্মিতা দেৱক আক্ৰমণ সন্দৰ্ভত এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা নাই ত্ৰিপুৰা আৰক্ষীয়ে

ত্ৰিপুৰা(Tripura)ত তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱ(Sushmita Dev)ক আক্ৰমণ কৰা ঘটনাৰে জড়িত কোনো লোককে এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে । আগৰতলা চহৰৰ সমীপৱৰ্তী আমতলী অঞ্চলত সাংসদগৰাকী আক্ৰমণৰ বলি হৈছিল । এই ঘটনা সন্দৰ্ভত তাৎক্ষণিক পদক্ষেপ ল'বলৈ এখন পত্ৰযোগে ত্ৰিপুৰাৰ আৰক্ষী সঞ্চালক প্ৰধানক আহ্বান জনালে সুস্মিতা দেৱে ।

Susmita Dev faced attack
সুস্মিতা দেৱক আক্ৰমণ

By

Published : Oct 26, 2021, 5:41 PM IST

নেশ্যনেল ডেস্ক, ২৬ অক্টোবৰ: ৰাজনৈতিক হিংসাই ভয়াৱহ ৰূপ লৈছে ত্ৰিপুৰাত । চলিত বৰ্ষত ৰাজ্যখনত এনে ধৰণৰ কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হৈছে । এনে ঘটনাৰ বাবে এটা ৰাজনৈতিক দলে আনটোক দোষাৰোপ কৰিছে । এনে পৰিস্থিতি অব্যাহত থকাৰ মাজতে এইবাৰ ৰাজ্যখনত তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱ আক্ৰমণৰ বলি হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

দলটোৰ অভিযোগ অনুসৰি, ৰাজধানী চহৰ আগৰতলাৰ উপকণ্ঠ অঞ্চল আমতলীত আক্ৰমণৰ সন্মুখীন হয় সাংসদগৰাকী । ঘটনা সংঘটিত হোৱাৰ পাচতে সুস্মিতা দেৱে স্থানীয় আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল যদিও এই গোচৰটো সন্দৰ্ভত এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে । সেয়ে, স্থানীয় আৰক্ষীৰ নিষ্ক্ৰীয়তাৰ ভূমিকাত নিৰাশ হৈ তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীয়ে ত্ৰিপুৰাৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে । এই পত্ৰখনৰ জৰিয়তে তেওঁ ৰাজ্যখনত চলি থকা আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত কেইবাটাও প্ৰশ্ন উত্থাপন কৰে ।

তেওঁ পত্ৰখনত উল্লেখ কৰে যে, দলটোৱে আক্ৰমণকাৰীৰ নাম আৰু আক্ৰমণৰ সময়ৰ ফটো, ভিডিঅ' আদি প্ৰমাণ আৰক্ষীক দিছিল । কিন্তু তাৰ পাচতো আৰক্ষীয়ে কোনো লোকক গ্ৰেপ্তাৰ কৰা নাই ।

তেওঁ লগতে উল্লেখ কৰে যে, এই আক্ৰমণৰ ঘটনাত গুৰুতৰভাৱে আহত হোৱা মামন খানক কলকাতাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু বৰ্তমান তেওঁৰ অৱস্থা সংকটজনক । সাংসদগৰাকীয়ে আৰক্ষীৰ ভূমিকাত ক্ষোভ প্ৰকাশ কৰি কয় যে, গ্ৰেপ্তাৰৰ প্ৰক্ৰিয়া পলম হ'লে ই কেৱল অভিযুক্ত পলাই যোৱাতহে সহায় কৰে । আনহাতে, অভিযুক্তক গ্ৰেপ্তাৰ কৰাত পলম কিয় হৈছে সেয়া বুজি পোৱা নাই বুলিও তেওঁ মন্তব্য কৰে ।

তেওঁ অভিযোগ উত্থাপন কৰে যে, হত্যাৰ চেষ্টা কৰি এই আক্ৰমণ কৰা হৈছিল আৰু এয়া এক গুৰুতৰ ঘটনা । সেয়ে, তেওঁ শীঘ্ৰে এই সন্দৰ্ভত পদক্ষেপ ল'বলৈ ত্ৰিপুৰাৰ আৰক্ষী সঞ্চালক প্ৰধানক আহ্বান জনায় । উল্লেখ্য যে, আক্ৰমণ সংঘটিত হোৱাৰ দিনা সুস্মিতা দেৱে স্থানীয় নিকায় নিৰ্বাচনৰ বাবে আমতলীত তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল । কিন্তু তেতিয়াই তেওঁক দুৰ্বৃত্তই আক্ৰমণৰ লক্ষ্য কৰি লয় ।

লগতে পঢ়ক:বুধবাৰে নতুন দল ঘোষণা কৰাৰ সম্ভাৱনা অমৰিন্দৰ সিঙৰ

ABOUT THE AUTHOR

...view details