অসম

assam

ETV Bharat / bharat

Parliament monsoon session 2023: উচ্চ সদনত অধ্যক্ষৰে বাক বিতণ্ডা সাংসদ অব্ৰেইনৰ; দুপৰীয়ালৈ স্থগিত সদন - Prime Minister Narendra Modi

মণিপুৰ সন্দৰ্ভত পুনৰ উত্তপ্ত সদন ৷ দুপৰীয়ালৈ স্থগিত ৰখা হ’ল সদনৰ কাম-কাজ ৷

Parliament monsoon session 2023
দুপৰীয়ালৈ স্থগিত ৰখা হ’ল সদনৰ কাম কাজ

By

Published : Jul 24, 2023, 12:31 PM IST

নেশ্যনেল ডেস্ক, 24 জুলাই : পুনৰ স্থগিত হ’ল ৰাজ্যসভাৰ বৰ্ষাকালীন সদনৰ কাম-কাজ ৷ অধ্যক্ষ জগদীপ ধনখৰ আৰু তৃণমূলৰ সাংসদ অ’ব্ৰেইনৰ মাজত বিতৰ্কৰ সূত্পৰাত হোৱাৰ পিচতে সভা স্থগিতৰ সিদ্ধান্ত ৷ উল্লেখ্য যে, বিৰোধীয়ে মণিপুৰৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বিস্তৃত বক্তব্য আৰু তাৰ পিছত দেশৰ সৰ্বোচ্চ বিধায়িনী সংস্থাৰ নিয়ম অনুসৰি বিতৰ্কৰ বাবে চৰকাৰক হেঁচা প্ৰয়োগ কৰি আহিছিল সদনত ৷ কিন্তু পৰিস্থিতি পুনৰ উত্তপ্ত দৈ পৰাৰ পিচতে দুপৰীয়ালৈ স্থগিত ৰখা হয় সদনৰ কাম-কাজ ৷

ইয়াৰ পূৰ্বে শুকুৰবাৰে বিৰোধী সাংসদসকলে মণিপুৰৰ হিংসাক লৈ তীব্ৰ প্ৰতিবাদ অব্যাহত ৰখা বাবে দুয়োখন সদনৰ কাম-কাজ স্থগিত ৰখা হৈছিল । বিৰোধী দলৰ সদস্যসকলৰ প্ৰতিবাদে কেন্দ্ৰৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে, বিৰোধীয়ে দাবী কৰা ধৰণে মণিপুৰৰ বিতৰ্কক গুৰুত্ব প্ৰদান কৰা নাই কেন্দ্ৰীয় চৰকাৰে । আনহাতে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰতিবাদকাৰী সদনৰ সদস্যসকল মণিপুৰ বিষয়টোত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে ।

এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি, কেন্দ্ৰীয় চৰকাৰে দুয়োখন সদনত বিতৰ্কৰ বাবে সাজু লগতে গৃহমন্ত্ৰীয়ে উভয় সদনতে ঘটনা সন্দৰ্ভত বিবৃতি প্ৰদান কৰিব । ইয়াৰ বিপৰীতে বিৰোধীয়ে বিষয়টোৰ আলোচনাৰ লগতে চৰকাৰ তথা প্ৰধানমন্ত্ৰীৰ বিবৃতিৰ দাবী তুলিছে ।

উল্লেখ কৰা প্ৰয়োজন যে, গোষ্ঠী সংঘৰ্ষই বিধস্ত কৰা মণিপুৰৰ এখন গাঁৱত 4 মে’ৰ দিনা দুগৰাকী মহিলাক যৌন নিৰ্যাতন চলোৱাৰ লগতে বিবস্ত্ৰা দুই যুৱতীক লৈ সমদল কৰোৱাৰ এক ভয়ানক ভিডিঅ’ ভাইৰেল হোৱাৰ পিচতে উত্তপ্ত হৈ পৰিছিল সমগ্ৰ দেশ ৷ ৰাজ্য-কেন্দ্ৰীয় চৰকাৰৰ সমালোচনাত সৰৱ হৈ পৰিছিল বিৰোধী ৷ ভিডিঅ’ ভাইৰেল হোৱাৰ এদিন পিচতে অৰ্থাৎ 20 জুলাই, 2023 বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছিল সংসদৰ বৰ্ষাকালীন অধিৱেশন ।

লগতে পঢ়ক :Parliament monsoon session 2023 : প্ৰধানমন্ত্ৰীয়ে বিবৃতি দিবই লাগিব, নিজৰ স্থিতিত অটল বিৰোধী

ABOUT THE AUTHOR

...view details