অসম

assam

By

Published : Jan 2, 2023, 1:30 PM IST

ETV Bharat / bharat

Rajouri killings : মৃতকৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবী স্থানীয় লোকৰ

ৰাজৌৰীৰ ডাংগ্ৰীৰ মেইন চকত বহুসংখ্যক গাঁওবাসী একত্ৰিত হৈ ৰাজৌৰী হত্যাকাণ্ডৰ ভুক্তভোগী নাগৰিকক ন্যায় প্ৰদানৰ দাবীৰ সমৰ্থনত শ্লোগান দিয়ে (protest for demanding justice to Rajouri killings) । "আমাৰ দাবী হৈছে যে লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই ইয়ালৈ আহি আমাৰ দাবীবোৰ শুনিব লাগে ।" এজন স্থানীয় প্ৰতিবাদকাৰীয়ে এনেদৰে কয় ।

JK
JK

নিউজ ডেস্ক, ২ জানুৱাৰী : স্থানীয় বাসিন্দাসকলে সোমবাৰে জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ ডাংগ্ৰী গাঁৱত (Rajouri Dangri village killing) দেওবাৰে নিশা অচিনাক্ত সশস্ত্ৰ লোকে হত্যা কৰা চাৰিজন নাগৰিকৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবীত এক প্ৰতিবাদ সাব্যস্ত কৰে (protest in Dangri village in JK) । ৰাজৌৰীৰ ডাংগ্ৰীৰ মেইন চকত বহুসংখ্যক গাঁওবাসী একত্ৰিত হয় আৰু তেওঁলোকৰ দাবীৰ সমৰ্থনত শ্লোগান দিয়ে । প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে জিলা প্ৰশাসনে আৱাসীসকলক নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে আৰু লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই (Lieutenant Governor Manoj Sinha) ঘটনাস্থলী পৰিদৰ্শন কৰাৰো দাবী জনায় (protest for demanding justice to Rajouri killings) ।

"জিলা প্ৰশাসন বিফল হৈছে । আমাৰ দাবী হৈছে যে লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই ইয়ালৈ আহি আমাৰ দাবীবোৰ শুনিব লাগে ।" এজন প্ৰতিবাদকাৰী স্থানীয় লোকে এনেদৰে কয় । আনহাতে, আৰক্ষীয়ে জনোৱা মতে, প্ৰথমিক অনুমান মতে, দেওবাৰে সন্ধিয়া ৰাজৌৰীৰ ডাংগ্ৰী গাঁৱত হত্যালীলা চলোৱা সশস্ত্ৰ আক্ৰমণকাৰীৰ সংখ্যা দুজন । আক্ৰমণকাৰীয়ে তিনিটা ঘৰত প্ৰৱেশ কৰি চাৰিজন নাগৰিকক হত্যা কৰাৰ উপৰি উক্ত ঘটনাত আন ১০ জন লোক আহত হয় (4 civilians killed in Rajouri) ।

ঘটনাটোৰ খবৰ পোৱা মাত্ৰকে আৰক্ষীয়ে নিৰাপত্তাৰক্ষীৰ সৈতে গাওঁখনত গৈ উপস্থিত হয় আৰু আক্ৰমণকাৰীসকলক ধৰিবলৈ অঞ্চলটো ঘেৰাও কৰে । "আটাইকেইজন আহতৰ চিকিৎসা চলি আছে । আৰক্ষী আৰু জিলা প্ৰশাসন ঘটনাস্থলীত উপস্থিত হৈছে । আহতসকলৰ শৰীৰত একাধিক গুলীৰ আঘাত পোৱা গৈছে ।" ৰাজৌৰীৰ এছ'চিয়েটেড হস্পিটেলৰ (Associated Hospital Rajouri) চিকিৎসা অধীক্ষক ডাঃ মেহমুদে ANI-ৰ আগত এই কথা কয় ।

উল্লেখ্য, ১৬ ডিচেম্বৰত একেখন জিলাৰ এটা সেনা শিবিৰৰ বাহিৰত দুজন নাগৰিক নিহত হোৱাৰ কেইদিনমানৰ পিছতে এই আক্ৰমণটো সংঘটিত হয় । জানিব পৰা মতে, সেনাৰ সৈতে কুলি হিচাপে কাম কৰি থকা ভুক্তভোগীসকলে পুৱা প্ৰায় ৬.১৫ বজাত জিলাখনৰ এটা সেনা শিবিৰৰ আলফা গেটৰ ওচৰলৈ গৈ থকাৰ সময়তে তেওঁলোকৰ ওপৰত গুলীচালনা কৰা হয় । ইয়াৰ পূৰ্বে ২৮ ডিচেম্বৰত জম্মু জিলাৰ চিধৰা অঞ্চলত নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংঘটিত গুলীচালনাত চাৰিজন উগ্ৰপন্থী নিহত হয় ।

ইফালে জম্মুৰ এডিজিপি মুকেশ সিঙে (ADGP Jammu Mukesh Singh) আক্ৰমণত মাত্ৰ দুজন লোকৰ মৃত্যু হোৱাৰ কথা নিশ্চিত কৰি কয় যে প্ৰায় 50 মিটাৰ দূৰত্বত পৃথক পৃথক তিনিটা ঘৰত গুলীচালনা সংঘটিত হৈছিল । বৰ্তমান উগ্ৰপন্থীৰ সন্ধানত অঞ্চলটোত অভিযান আৰম্ভ কৰা হৈছে ৷ অনাগত সময়ত মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা আছে ।

লগতে পঢ়ক :Rajnath Singh Arunachal Visit : ৩ জানুৱাৰীত প্ৰতিৰক্ষা মন্ত্ৰীৰ অৰুণাচল ভ্ৰমণ

ABOUT THE AUTHOR

...view details