অসম

assam

ETV Bharat / bharat

আজি ডি আৰ ডি অ'ৰ প্ৰথম পৰ্যায়ৰ ক'ভিড ঔষধ মুকলি কৰিব ৰাজনাথ সিঙে - মলিকিউলাৰ বায়'ল'জী

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সোমবাৰে ডি আৰ ডি অ'ই প্ৰস্তুত কৰা ২-ডিঅক্সি-ডি-গ্লুক'জ (২-ডিজি)ৰ প্ৰথম পৰ্যায়ৰ ঔষধ মুকলি কৰিব । এই ঔষধৰ ক্লিনিকেল পৰীক্ষণৰ ফলাফলে প্ৰমাণিত কৰিছে যে, ই চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰোগীসকলে সোনকালে আৰোগ্য লাভ কৰাত সহায় কৰে আৰু পৰিপূৰক অক্সিজেন নিৰ্ভৰশীলতা হ্ৰাস কৰে ।

Rajnath Singh will release the first batch of the DRDO's medicine
আজি ডি আৰ ডি অ'ৰ প্ৰথম পৰ্যায়ৰ ক'ভিড ঔষধ মুকলি কৰিব ৰাজনাথ সিঙে

By

Published : May 17, 2021, 4:02 PM IST

নেশ্যনেল ডেস্ক, ১৭ মে': সোমবাৰে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই প্ৰস্তুত কৰা ২-ডিঅক্সি-ডি-গ্লুক'জ (২-ডিজি)ৰ প্ৰথম পৰ্যায়ৰ ঔষধ প্ৰথম মুকলি কৰিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । ৰাজনাথ সিঙৰ কাৰ্যালয়ে টুইটযোগে প্ৰকাশ কৰিছিল যে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সোমবাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ক'ভিডৰ ঔষধ ২-ডিঅক্সি-ডি-গ্লুক'জ (২-ডিজি)ৰ প্ৰথম পৰ্যায়ৰ ঔষধ মুকলি কৰিব ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিযোগে জানিবলৈ দিয়া মতে, এই ঔষধবিধ হায়দৰাবাদস্থিত ড০ ৰেড্ডীজ গৱেষণাগাৰৰ সহযোগত ডি আৰ ডি অ'ৰ ইনষ্টিটিউট অৱ নিউক্লিয়াৰ মেডিচিন এণ্ড এলাইড চায়েন্সছৰ দ্বাৰা বিকশিত কৰা হৈছে । এই ঔষধৰ ক্লিনিকেল পৰীক্ষণৰ ফলাফলে প্ৰমাণিত কৰিছে যে, ই চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰোগীসকলে সোনকালে আৰোগ্য লাভ কৰাত সহায় কৰে আৰু পৰিপূৰক অক্সিজেন নিৰ্ভৰশীলতা হ্ৰাস কৰে ।

২-ডিঅক্সি-ডি-গ্লুক'জ(২-ডিজি) ব্যৱহাৰ কৰি চিকিৎসা কৰা বহু ৰোগীৰ ক'ভিডৰ আৰ টি পি চি আৰ পৰীক্ষাৰ পিছত তেওঁলোকৰ দেহত কৰ'ণাৰ অৱস্থিতি নথকাৰ কথা স্পষ্ট হয় । এই ঔষধটো ক'ভিড-১৯ত আক্ৰান্ত ৰোগীৰ বাবে যথেষ্ট লাভদায়ক হ'ব বুলি আশা কৰা হৈছে । প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে মহামাৰীৰ বিৰুদ্ধে এই যুঁজত ডি আৰ ডি অ'ক সহযোগিতা আগবঢ়াবলৈ জনোৱা আহ্বানৰ প্ৰতি সন্মান জনাই ডি আৰ ডি অ'ই ২-ডিজিৰ ক'ভিড বিৰোধী থেৰাপিউটিক এপ্লিকেচন বিকশিত কৰাত গুৰুত্ব আৰোপ কৰে ।

২০২০ চনৰ এপ্ৰিল মাহত মহামাৰীৰ প্ৰথম ঢৌৱে বিভীষিকাৰ সৃষ্টি কৰাৰ সময়ত, আই এন এম এ এছ আৰু ডি আৰ ডি অ'ৰ বিজ্ঞানীসকলে হায়দৰাবাদৰ চেণ্টাৰ ফৰ ছেলুলাৰ এণ্ড মলিকিউলাৰ বায়'ল'জীৰ সহায়ত পৰীক্ষাগাৰৰ পৰীক্ষা-নিৰীক্ষা চলাইছিল আৰু প্ৰমাণিত হৈছিল যে এই অণুটোৱে এছ এ আৰ এছ-চি অ' ভি-২ ভাইৰাছক প্ৰতিহত কৰিব পাৰে । এই ফলাফলৰ ওপৰত ভিত্তি কৰি ড্ৰাগছ কন্ট্ৰ'লাৰ জেনেৰেল অৱ ইণ্ডিয়া আৰু কেন্দ্ৰীয় ঔষধ মান নিয়ন্ত্ৰণ সংস্থাই বিগত বৰ্ষৰ মে' মাহত ঔষধবিধৰ দ্বিতীয় পৰ্যায়ৰ ক্লিনিকেল পৰীক্ষণৰ অনুমতি দিয়ে ।

বিগত বৰ্ষৰ মে' মাহৰ পৰা অক্টোবৰ মাহলৈকে চলোৱা দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণত ঔষধটো ক'ভিড ৰোগীৰ ক্ষেত্ৰত সুৰক্ষিত বুলি জানিব পৰা গৈছিল । ৰোগীসকল সোনকালে আৰোগ্য হোৱা দেখা গৈছিল । দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণ প্ৰথম অংশ ৬ খন চিকিৎসালয়ত অনুষ্ঠিত কৰা হৈছিল আৰু দ্বিতীয় অংশ সমগ্ৰ দেশৰ ১১ খন চিকিৎসালয়ত সম্পন্ন কৰা হয় । দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণ ১১১ জন ৰোগীৰ ওপৰত কৰা হৈছিল ।

এই সফলতাপূৰ্ণ ফলাফলৰ ওপৰত ভিত্তি কৰি ড্ৰাগছ কন্ট্ৰ'লাৰ জেনেৰেল অৱ ইণ্ডিয়াই একেটা বছৰৰে নৱেম্বৰ মাহত তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ বাবে অনুমতি প্ৰদান কৰে । দিল্লী, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, গুজৰাট, ৰাজস্থান, মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, কৰ্ণাটক আৰু তামিলনাডুৰ মুঠ ২২০ গৰাকী ৰোগীৰ মাজত তৃতীয় পৰ্যায়ৰ পৰীক্ষণ সম্পন্ন কৰা হৈছিল । তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ বিতং তথ্য ডি চি জি আইক দাখিল কৰা হৈছিল ।

৬৫ বছৰৰ উৰ্ধৰ ৰোগীসকলো সোনকালে সুস্থ হোৱা দেখা গৈছিল । চলিত বৰ্ষৰ ১ মে'ত ডি চি জি আইয়ে মধ্যমীয়াৰ পৰা সংকটজনক অৱস্থাত থকা ক'ভিড-১৯ ৰোগীৰ ক্ষেত্ৰত এক সহায়ক চিকিৎসা হিচাপে এই ঔষধৰ জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমতি প্ৰদান কৰে । ঔষধবিধ পাউডাৰৰ ৰূপত এটা বটলত সংৰক্ষিত কৰা হৈছে, যাক পানীত মিহলি কৰি গ্ৰহণ কৰা হয় । ই ভাইৰাছ সংক্ৰমিত কোষবোৰত জমা হয় আৰু ভাইৰাছৰ বিকাশ প্ৰতিহত কৰে । এই ঔষধবিধে আক্ৰান্ত লোকৰ জীৱন ৰক্ষা কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক:ক'ভিড-১৯: ২৪ ঘণ্টাত ভাৰতত ৪,১০৬ জনৰ মৃত্যু

ABOUT THE AUTHOR

...view details