নিউজ ডেস্ক, 23 ডিচেম্বৰ:ক'ৰণা ভাইৰাছৰ পৰিস্থিতিত সন্মূখৰ পৰা যুঁজ দিয়া ক'ভিড চিকিৎসক, নাৰ্চ আৰু অন্যান্য চিকিৎসাকৰ্মী সকলক 'চুপাৰমেন' আখ্যা দি কৃতজ্ঞতা জ্ঞাপন কৰিলে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ এক ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে লখনৌ কিং জৰ্জ চিকিৎসা বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত ভাষণ দি এই মন্তব্য প্ৰকাশ কৰে ৰাজনাথ সিঙে ৷
তেওঁ কয়,ক'ভিড সংকটৰ পিছত প্ৰতিজন লোকেই বুজি পাইছে ক'ভিডৰ এই যুঁজ খনত প্ৰকৃত 'Superman' আৰু 'Wonder Woman' কোন ? আমাৰ 'Superman' আৰু 'Wonder Woman' হৈছে চিকিৎসক, নাৰ্চ আৰু পেৰামেডিকেল কৰ্মচাৰী সকল ৷ আজিৰ এই শুভ ক্ষণত তেওঁ লোকলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে বুলিও মন্তব্য প্ৰকাশ কৰে ৰাজনাথ সিঙে ৷
লগতে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, ক'ৰণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ এতিয়াও শেষ হোৱা নাই । ইতিমধ্যে ব্ৰিটেইনত নতুন ক'ৰণা ভাইৰাছে পুনৰ আতংকৰ সৃষ্টি কৰিছে ৷ গতিকে সকলোকে সতৰ্ক থাকিবলৈ আহ্বান জনাই বিশ্বৰ সকলো লোকৰ বাবে টিকাকৰণৰ ব্যৱস্থা নোহোৱালৈকে এই যুঁজ খন অব্যাহত থাকিব বুলি মত প্ৰকাশ কৰে ৰাজনাথ সিঙে ৷