অসম

assam

চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ ৰাজনাথ সিঙৰ

By

Published : Jul 28, 2021, 6:34 PM IST

এই সন্মিলনত চাংহাই সহযোগিতা সংস্থাৰ আঠ সদস্য ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰীসকল উপস্থিত থাকে । সন্মিলনত আঞ্চলিক নিৰাপত্তা প্ৰত্যাহ্বানৰ লগতে আফগানিস্তানৰ পৰিস্থিতিৰ ওপৰত ব্যাপকভাৱে আলোচনা কৰা হয় ।

Rajnath Singh attends SCO meet
ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ ৰাজনাথ সিঙৰ

নেশ্যনেল ডেস্ক, ২৮ জুলাই:তাজিকিস্তানৰ ৰাজধানী দুশাবেনত চাংহাই সহযোগিতা সংস্থাৰ(SCO) দ্বাৰা আয়োজিত এক সন্মিলনত বুধবাৰে উপস্থিত থাকে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং । য'ত আঞ্চলিক নিৰাপত্তা প্ৰত্যাহ্বানৰ লগতে আফগানিস্তানৰ পৰিস্থিতিৰ ওপৰত ব্যাপকভাৱে আলোচনা কৰা হয় । এই সন্মিলনত চাংহাই সহযোগিতা সংস্থাৰ (Shanghai Cooperation Organisation) আঠ সদস্য ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰীসকল উপস্থিত থাকে ।

মঙলবাৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে মন্ত্ৰীগৰাকী তাজিকিস্তানৰ ৰাজধানী চহৰত উপস্থিত হৈছিল । সন্মিলনৰ পূৰ্বে সিঙে বেলাৰুছৰ প্ৰতিৰক্ষা মন্ত্ৰী লেফটেনেণ্ট জেনেৰেল ভিক্টৰ খ্ৰেনিনৰ (Lt Gen Viktor Khrenin) সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয় আৰু ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল ছেৰ্গেই শ্বয়গুৰ (Gen Sergey Shoygu) সৈতেও বাৰ্তালাপ কৰে । ইয়াৰ পাছতে ৰাছিয়াত থকা ভাৰতীয় দূতাবাসে দুয়োগৰাকী নেতাৰ ফটোৰ সৈতে বিশেষ টুইট কৰা দেখা যায় ।

ইফালে সন্মিলন সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰীৰ কাৰ্যালয়ে ফটো শ্বেয়াৰ কৰি এক টুইটত কয় যে, সন্মিলনত সিঙে সন্ত্ৰাসবাদকে ধৰি আঞ্চলিক নিৰাপত্তা প্ৰত্যাহ্বান আৰু সেইবোৰৰ সৈতে মোকাবিলা কৰাৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰিব । প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে দ্বিপাক্ষিক তথা পাৰস্পৰিক স্বাৰ্থৰ অন্যান্য বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ তাজিকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী কৰ্ণেল জেনেৰেল শ্বেৰালী মিৰ্জোকো (Col Gen Sherali Mirzo) সাক্ষাৎ কৰিব বুলি টুইটত উল্লেখ কৰা হৈছে । সন্মিলনত চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৱেই ফেংহেও (Wei Fenghe) অংশগ্ৰহণ কৰে ।

তাজিকিস্তানে এই বছৰ এছচিঅ'ৰ আয়োজন কৰিছে । লগতে মন্ত্ৰী আৰু চৰকাৰী বিষয়া পৰ্যায়ৰ কেইবাখনো বৈঠকৰ আয়োজন কৰিছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ১৪ জুলাইত এছচিঅ' ৰাজ্যসমূহৰ বৈদেশিক মন্ত্ৰীসকলৰ এক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ দুশানবে ভ্ৰমণ কৰিছিল । তেওঁ চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িৰ সৈতে এক ঘণ্টাজোৰা দ্বিপাক্ষিক বৈঠকত মিলিত হয় ।

উল্লেখ্য যে, এছচিঅ' হৈছে এক আঠজনীয়া সদস্যৰে গঠিত অৰ্থনৈতিক আৰু নিৰাপত্তা খণ্ড আৰু ই এক বৃহৎ আন্তঃআঞ্চলিক আন্তঃৰাষ্ট্ৰীয় সংগঠন । ভাৰত আৰু পাকিস্তান ২০১৭ চনত তেওঁলোকৰ স্থায়ী সদস্য হৈছিল । ২০০১ চনত ৰাছিয়া, চীন, কিৰগিজ ৰিপাব্লিক, কাজাখস্তান, তাজিকিস্তান আৰু উজবেকিস্তানৰ ৰাষ্ট্ৰপতিসকলে চাংহাইৰ এক সন্মিলনত এছচিঅ' প্ৰতিষ্ঠা কৰিছিল । ভাৰতে শেহতীয়াকৈ এছচিঅ' আৰু ইয়াৰ আঞ্চলিক সন্ত্ৰাসবাদ বিৰোধী গাঁথনিৰ (RATS) সৈতে ইয়াৰ নিৰাপত্তা সম্পৰ্কীয় সহযোগিতা গভীৰ কৰিবলৈ তীব্ৰ আগ্ৰহ দেখুৱাইছে ।

ভাৰতক ২০০৫ চনত এছচিঅ'ত পৰ্যবেক্ষকৰ দায়িত্ব দিয়া হৈছিল আৰু ভাৰতে মন্ত্ৰী পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰিছিল । এই বৈঠকে ইউৰেচিয়ান অঞ্চলত নিৰাপত্তা আৰু অৰ্থনৈতিক সহযোগিতাৰ ওপৰত গুৰুত্ব দিছিল ।

লগতে পঢ়ক :দুষ্টচক্ৰৰ লক্ষ্য ত্ৰিপুৰা চৰকাৰৰ অ'ফিচিয়েল ৱেবছাইট

ABOUT THE AUTHOR

...view details