অসম

assam

ETV Bharat / bharat

৩০০ প্ৰাক্তন সেনা বিষয়াৰে মত বিনিময় ৰাজনাথ সিঙৰ - BRO

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ তিনিদিনীয়া লাডাখ ভ্ৰমণৰ প্ৰথম দিনটোত লেহত ৩০০ গৰাকী প্ৰাক্তন সেনাৰ সৈতে মত বিনিময় কৰে ৷ দেশৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ ক্ষেত্ৰত প্ৰাক্তন সেনাসকলৰ অতুলনীয় সমৰ্পণৰ প্ৰশংসা কৰে ৷ লগতে প্ৰাক্তন সৈনিকসকলৰ কল্যাণৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে ।

Rajnath Singh at Leh
অৱসৰপ্ৰাপ্ত ৩০০ সেনা বিষয়াৰে মত বিনিময় ৰাজনাথ সিঙৰ

By

Published : Jun 27, 2021, 8:13 PM IST

নেশ্যনেল ডেস্ক, ২৭ জুন :তিনিদিনীয়া ভ্ৰমণসূচীৰে লাডাখত উপস্থিত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং । তেওঁৰ তিনিদিনীয়া ভ্ৰমণৰ অংশ হিচাপে লেহত ৩০০ গৰাকী প্ৰাক্তন সেনাৰ সৈতে মত বিনিময় কৰে । অশোক চক্ৰ বিজয়ী নাইব চুবেদাৰ, অৱসৰপ্ৰাপ্ত শ্বেৰিং মুতুপ আৰু মহাবীৰ চক্ৰ বিজয়ী অৱসৰপ্ৰাপ্ত কৰ্ণেল সোণম ৱাংচুককে ধৰি ৩০০ গৰাকী প্ৰাক্তন সেনাৰ সৈতে বাৰ্তালাপ কৰি প্ৰাক্তন সৈনিকসকলৰ কল্যাণৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে ।

সিঙে ভাষণত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 'এক পদ এক পেঞ্চন আঁচনি'(One Rank One Pension scheme) আৰম্ভ কৰাৰ সিদ্ধান্ত লৈ দশকজোৰা অপেক্ষাৰ অন্ত পেলাই প্ৰাক্তন সেনাসকলৰ কল্যাণ আৰু সন্তুষ্টিৰ প্ৰতি চৰকাৰৰ অটল প্ৰতিশ্ৰুতিৰ প্ৰমাণ দাঙি ধৰিছে । তেওঁলোকে দেশৰ নিৰাপত্তাৰ দায়িত্ব পালন কৰাৰ দৰে চৰকাৰৰ লক্ষ্য হৈছে তেওঁলোকৰ যত্ন লোৱা । প্ৰাক্তন সেনাৰ কল্যাণ সুনিশ্চিত কৰাৰ বাবে মোডী চৰকাৰে গ্ৰহণ কৰা অন্যান্য ব্যৱস্থাসমূহৰ তালিকা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পুনৰ্সংস্থাপনৰ সমস্যা সমাধানৰ বাবে কেইবাটাও পদক্ষেপ লোৱা হৈছে ৷

যাৰ ভিতৰত আছে পুনৰ্সংস্থাপন সঞ্চালকালয়ৰ জৰিয়তে চাকৰি মেলা আয়োজন কৰা ৷ যাৰ জৰিয়তে বৃহৎ সংখ্যক প্ৰাক্তন লোকক নিযুক্তি দিয়া হৈছে । প্ৰাক্তন সেনাৰ বাবে 'ডিজিটেল ইণ্ডিয়া'ৰ অধীনত কেইবাটাও অনলাইন সেৱা আৰম্ভ কৰা হৈছে ।

ইয়াৰ ভিতৰত আছে টেলিমেডিচিন সেৱা প্ৰদান কৰাৰ বাবে 'ই-চেহাট'(e-Sehat) প’ৰ্টেল মুকলি কৰা । বিশেষকৈ ক'ভিড মহামাৰীৰ সময়ত প্ৰাক্তন সৈনিকসকলে সন্মুখীন হোৱা সমস্যাবোৰ সমাধান কৰিবলৈ ইণ্টাৰেক্টিভ ভইচ ৰেচপন্স চিষ্টেম (IVRS) প্ৰৱৰ্তন কৰাও অন্যতম পদক্ষেপ চৰকাৰৰ । লাডাখৰ উপ-ৰাজ্যপাল আৰ কে মাথুৰ, সাংসদ জাময়াং চেৰিং নামগিয়াল, সেনাপ্ৰধান জেনেৰেল এম এম নাৰাভানে আৰু নৰ্ডান কমাণ্ডৰ জেনেৰেল অফিচাৰ-কমাণ্ডিং-ইন-চীফ লেফটেনেণ্ট জেনেৰেল ৱাই কে যোশী এই অনুষ্ঠানত উপস্থিত থাকে ।

ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে লাডাখ স্বায়ত্ব শাসিত পাহাৰ উন্নয়ন পৰিষদ(Ladakh Autonomous Hill Development Councils), লেহ, কাৰ্গিলৰ নিৰ্বাচিত প্ৰতিনিধিসকলক সাক্ষাৎ কৰে । উল্লেখ্য যে তেওঁ এই ভ্ৰমণৰ সময়চোৱাত সীমান্ত পথ সংস্থা (BRO)ৰ দ্বাৰা নিৰ্মাণ কৰা আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰিব ৷ লগতে অঞ্চলটোত নিয়োজিত সেনাৰ সৈতে বাৰ্তালাপ কৰিব ।

লগতে পঢ়ক:শ্ৰীনগৰত উগ্ৰপন্থীৰ গ্ৰেণেড আক্ৰমণ: আহত ৩

ABOUT THE AUTHOR

...view details