নিউজ ডেস্ক, 8 জুলাই :দেশৰ ৰাজনীতিত বিগত কেইবাদিনৰ পৰা বিশেষভাৱে চৰ্চিত হৈ থকাৰ পাচত অৱশেষত বুধবাৰে মোডী কেবিনেট 2.0ত অন্তৰ্ভুক্ত হোৱা কেবিনেট মন্ত্ৰীসকলে শপত গ্ৰহণ কৰে ৷ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ অংশ হিচাপে নতুনকৈ কেবিনেট মন্ত্ৰীত্ব লাভ কৰাসকলৰ ভিতৰত আছে মণিপুৰৰ ৰাজপৰিয়ালৰ ৰাজকুমাৰ ৰঞ্জন সিঙ ৷ মোডী মন্ত্ৰীসভাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ দায়িত্ব লাভ কৰিছে ৰঞ্জন সিঙে ৷
কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা মণিপুৰৰ ৰাজবংশৰ ৰাজকুমাৰ ৰঞ্জন সিঙে ৰাজ্যখনৰ বিভিন্ন জনজাতিৰ মাজত একতা স্থাপনৰ হকে কাম কৰি আহিছে ৷ আৰ কে ৰঞ্জন (R K Ranjan) নামেৰে জনাজাত ৰঞ্জন সিঙে 1952 চনৰ 1 চেপ্তেম্বৰত মণিপুৰৰ কঙবা মাখা নান্দেইবাম লেইকাই গাঁৱত জন্মগ্ৰহণ কৰিছিল ৷ শৈক্ষিক ক্ষেত্ৰ এৰি ৰাজনীতিৰ ক্ষেত্ৰখন বাছি লোৱা এইগৰাকী ৰাজনীতিবিদ বিশেষভাৱে একতা স্থাপনৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বাবেই সৰ্বজন বিদিত ৷
দৈবালা দেৱৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা ৰাজকুমাৰ মণিছানা সিঙৰ পুত্ৰ আৰ কে ৰঞ্জনে ইম্ফলৰ ধন মঞ্জুৰী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাচত 1972 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভূগোল বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ৷ ইয়াৰ পাচতে তেওঁ মণিপুৰত "ভূমি ব্যৱহাৰৰ সমস্যা"(problems of land-use) বিষয়ত পিএইচডি(PhD) ডিগ্ৰী অৰ্জন কৰে ৷