অসম

assam

By

Published : Apr 6, 2021, 9:44 AM IST

ETV Bharat / bharat

চেন্নাইত ভোটাধিকাৰ সাব্যস্ত কৰিলে অভিনেতা ৰজনীকান্তে

অভিনেতা ৰজনীকান্ত আৰু অজিতে চেন্নাইত সাব্যস্ত কৰিলে ভোটাধিকাৰ ৷ চেন্নাইৰ ষ্টেলা মেৰিছ মহাবিদ্যালয়ত ৰজনীকান্তে তেওঁৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে । অভিনেতা গৰাকীৰ লগতে কংগ্ৰেছী নেতা চিদাম্বৰমেও সাব্যস্ত কৰিলে ভোটাধিকাৰ ৷

চেন্নাইত ভোটাধিকাৰ সাব্যস্ত কৰিলে অভিনেতা ৰজনীকান্তে
চেন্নাইত ভোটাধিকাৰ সাব্যস্ত কৰিলে অভিনেতা ৰজনীকান্তে

নেশ্যনেল ডেস্ক,6 এপ্ৰিল:মঙলবাৰে তামিলনাডুত অনুষ্ঠিত হৈছে একক পৰ্যায়ৰ বিধানসভা নিৰ্বাচন । অভিনেতা ৰজনীকান্ত আৰু অজিতে চেন্নাইত সাব্যস্ত কৰিলে ভোটাধিকাৰ ৷ চেন্নাইৰ ষ্টেলা মেৰিছ মহাবিদ্যালয়ত ৰজনীকান্তে তেওঁৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে । অভিনেতা গৰাকীৰ লগতে কংগ্ৰেছী নেতা চিদাম্বৰমেও সাব্যস্ত কৰিলে ভোটাধিকাৰ ৷

উল্লেখ্য যে, ৰাজ্যখনৰ মুঠ 38 খন জিলাৰ 234 টা বিধানসভা সমষ্টিত পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ। এই নিৰ্বাচনত মুঠ 3998 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে ৷ ক'ভিড-19ৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত ভোটকেন্দ্ৰৰ সংখ্যা 88,937 লৈ বৃদ্ধি কৰা হৈছে ।

ইফালে,মাক্কাল নিধি মাইমৰ মুৰব্বী কমল হাছান আৰু তেওঁৰ কন্যা শ্ৰুতি হাছান আৰু আক্ষৰা হাছানেও ভোট দানৰ বাবে চেন্নাই হাইস্কুলত ভোটাধিকাৰ সাব্যস্ত কৰে ৷

লগতে পঢ়ক: কেৰালাত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ

ABOUT THE AUTHOR

...view details