নেশ্যনেল ডেস্ক,১৩ জুন :ভাৰত চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ টুইটাৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া জেক ডৰ্ছেৰ । ডৰ্ছেৰ মতে ভাৰত চৰকাৰে টুইটাৰ বন্ধ কৰাৰ ভাবুকি দিছিল । অৱশ্যে কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে এই অভিযোগ সম্পূৰ্ণ মিছা আখ্যা দিছে ।
ডৰ্ছেয়ে এটা ইউটিউব চেনেলৰ সাক্ষাৎকাৰত দাবী কৰিছিল যে কৃষকসকলৰ প্ৰতিবাদ আৰু চৰকাৰৰ সমালোচনা কৰা একাউণ্টসমূহ বন্ধ কৰিবলৈ ভাৰতে টুইটাৰক বহুতো অনুৰোধ জনাইছিল । ভাৰতে টুইটাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল বুলিও তেওঁ দাবী কৰে । ডৰ্ছেৰ মতে দাবী মানিবলৈ অস্বীকাৰ কৰিলে দেশত প্লেটফৰ্ম বন্ধ কৰা, কৰ্মচাৰীৰ ঘৰত অভিযান চলোৱা আৰু টুইটাৰ কাৰ্যালয় বন্ধ কৰাৰ ভাবুকি দিছিল ভাৰতে । টুইটাৰৰ প্ৰাক্তন শীৰ্ষ বিষয়াগৰাকীয়ে জোৰ দি কৈছিল যে এই কামবোৰ ভাৰতৰ দৰে গণতান্ত্ৰিক দেশতেই সংঘটিত হৈ আছে ।
ডৰ্ছেৰ এনে গুৰুতৰ অভিযোগৰ প্ৰতি সঁহাৰি জনাই ইলেক্ট্ৰনিক্স আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে এক টুইটযোগে কয় যে এয়া প্ৰাক্তন বিষয়াগৰাকীৰ সম্পূৰ্ণ মিছা অভিযোগ । সম্ভৱতঃ টুইটাৰৰ ইতিহাসৰ সেই অতি সন্দেহজনক সময়খিনি আঁতৰাই দিয়াৰ এটা প্ৰয়াস হিচাপে তেওঁ এনে অভিযোগ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে দাবী কৰে ।