নিউজ ডেস্ক, ১৮ আগষ্ট :ৰাজস্থানৰ দৌচা জিলাত এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত এজন আৰক্ষী কনিষ্টবলৰ বিৰুদ্ধে । আনহাতে, অভিযুক্ত আৰক্ষী জোৱানজনক স্থানীয় ৰাইজে বিছনাত বান্ধি প্ৰহাৰ কৰা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ৷ অৱশ্যে, কনিষ্টবল মহেশ কুমাৰ গুৰ্জাৰক স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱাৰ পিছত স্থানীয় আৰক্ষী থানাৰ আৰক্ষীয়ে এৰি দিয়া বুলিও প্ৰকাশ কৰিছে ।
আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, ভুক্তভোগী বিবাহিতা মহিলাগৰাকীয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাৰ পিছত বাসৱা আৰক্ষী থানাৰ ষ্টেচন হাউচ অফিচাৰ গুৰ্জাৰক বৃহস্পতিবাৰে নিলম্বন কৰা হয় । "কনিষ্টবল মহেশ কুমাৰ গুৰ্জাৰে মঙলবাৰে নিশা অকলশৰীয়া অৱস্থাত ৩০ বছৰীয়া মহিলাগৰাকীৰ ঘৰলৈ গৈ তেওঁক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে । কিন্তু মহিলাগৰাকীয়ে চিঞৰ-বাখৰ কৰাত চুবুৰীয়াসকল ওলাই আহি তেওঁক আটক কৰে । আনহাতে, তেওঁৰ পৰিয়ালৰ সদস্যসকলেও আহি তেওঁক প্ৰহাৰ কৰে ।" চক্ৰ বিষয়া বান্দিকুই ঈশ্বৰ সিঙে কয় ।