অসম

assam

ETV Bharat / bharat

১৫ ডিচেম্বৰত ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাৰ শপত গ্ৰহণ

ভজনলাল শৰ্মাই ১৫ ডিচেম্বৰত ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব । এই শপত গ্ৰহণ কাৰ্যসূচীক আকৰ্ষণীয় কৰি তুলিবলৈ সাধাৰণ ৰাইজকো যোগদান কৰিবলৈ আহ্বান জনোৱা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভজনলাল শৰ্মাৰ ছবিৰ সৈতে 'আনো আগ্ৰানী ৰাজস্থান'ৰ নামত বিজ্ঞাপনৰ জৰিয়তে আমন্ত্ৰণ প্ৰেৰণ কৰা হৈছে ।

Bhajanlal Sharma Oath Ceremony
১৫ ডিচেম্বৰত ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাৰ শপত গ্ৰহণ

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 9:59 AM IST

নিউজ ডেস্ক, ১৪ ডিচেম্বৰ : ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । অহা ১৫ ডিচেম্বৰত এই শপত গ্ৰহণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । ইয়াৰ বাবে জয়পুৰত অনুষ্ঠিত হ'ব এক বিশাল অনুষ্ঠান । ৰাজ্যখনৰ মুখ্য সচিব ঊষা শৰ্মাই বুধবাৰে সন্ধিয়া শপত গ্ৰহণ অনুষ্ঠানৰ কাৰ্যসূচী প্ৰস্তুতি সন্দৰ্ভত এক বৈঠক অনুষ্ঠিত কৰে ।

বৈঠকত উচ্চ পদস্থ বিষয়াসকলক নিৰাপত্তা, যান-বাহন, চিকিৎসা, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ব্যৱস্থা আদি সম্পৰ্কে নিৰ্দেশনা দিয়া হয় । মুখ্য সচিবে যান-বাহনৰ চলাচল সঠিক কৰি ৰাখিবলৈ আৰু স্বাভাৱিক জীৱন যাতে প্ৰভাৱিত নহয় তাৰ বাবে গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে ।

শপত গ্ৰহণ অনুষ্ঠানৰ আমন্ত্ৰণী-পত্ৰ

আনহাতে, বিষয়াসকলে মুখ্য সচিবক তেওঁলোকৰ নিজ নিজ বিভাগৰ কামৰ প্ৰস্তুতি সন্দৰ্ভত অৱগত কৰে । লগতে প্ৰধানমন্ত্ৰীৰ আগমনৰ সময়ত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলৈও মুখ্য সচিবে নিৰ্দেশ দিয়ে । তেওঁ প্ৰধানমন্ত্ৰীৰ প্ৰৱেশ-প্ৰস্থানৰ পথ পৰিকল্পনা, জৰুৰীকালীন চিকিৎসা ব্যৱস্থা, অগ্নিনিৰ্বাপক ব্যৱস্থা সন্দৰ্ভতো নিৰ্দেশনা প্ৰদান কৰে । মুখ্য সচিবে সকলো সংশ্লিষ্ট বিষয়াক অতি গুৰুত্বসহকাৰে দায়িত্ব পালন কৰিবলৈ আৰু পাৰস্পৰিক সমন্বয়ৰ সৈতে সকলো ব্যৱস্থা উপযুক্তভাৱে নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে ।

উল্লেখ্য যে বিজেপিশাসিত ৬ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, এগৰাকী উপ-মুখ্যমন্ত্ৰী, ৯ গৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে ভজনলাল শৰ্মাৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব । ইয়াৰ ভিতৰত আছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰলাল, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও সাই ।

একেদৰে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিশেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । ইয়াৰ উপৰি বিজেপি সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, গজেন্দ্ৰ সিং শ্বেখাৱত, অৰ্জুন মেঘৱাল, নীতিন গাডকাৰী, মনসুখ মাণ্ডৱ্য়, ৰামদাস আঠাৱালে, কৈলাস চৌধুৰী, বিশেশ্বৰ টুডু আৰু প্ৰদেশ প্ৰভাৰী অৰুণ সিঙেও অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব ।

অশোক গেহলট আৰু শচীন পাইলটৰ শপত গ্ৰহণ অনুষ্ঠানৰ পিছত, এতিয়া ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানো এলবাৰ্ট হলত অনুষ্ঠিত হ'ব । এই সময়ছোৱাত প্ৰস্তুতিৰ কাৰণে দুদিনৰ বাবে ৰামনিবাস বাগত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰা হৈছে । ইয়াৰ উপৰি নতুন মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতিৰ বাবে শুকুৰবাৰে পুৱা ৭ বজাৰ পৰা আবেলি ৩ বজালৈ ৰাম নিৱাস বাগৰ ভিতৰত যান-বাহন চলাচল বন্ধ ৰখা হ'ব ।

লগতে পঢ়ক :কাৰ্যভাৰ লৈয়ে ধৰ্মীয় স্থানত লাউড স্পীকাৰ ব্যৱহাৰক লৈ কঠোৰ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details